আহ্বান-যুৱৰাজ বাচকোটা

©Admin
0
স্ৰজিলে ভগবানে ধৰণী বিশাল
 স্ৰজিলে জীৱকুল নানা প্ৰকাৰ
 ওখ,,পৰ্বত সেউজীয়া পাহাৰ , 
 গভীৰ সাগৰ, নদী
 কি দশা হলেহেঁতেন ধৰাত নহ'লে যদি!
 জীৱ শ্ৰেষ্ঠ মানৱ তুমি কিয় নকৰা বিচাৰ ?
 বিধ্বংস নকৰিবা বিনন্দীয়া প্ৰকৃতিক
 নকৰিবা তুমি দুনাই ধৰাক অত্যাচাৰ!
 তৰুলতা  য'ত প্ৰাণী, নদী, গিৰি,বন
 আমাৰ প্ৰাণ জীয়াবৰ বাবে এয়াই পৰম ধন।
 আহা আহা মিলিজুলি সৱে 
 প্লাষ্টিক,পলিথিন বৰ্জন কৰো
 হাতে হাতে কাপোৰৰ মোনা ধৰো ।
 চৌপাশৰ কলুষিত পৰিৱেশ নিৰ্মুলৰ বাবে
 হাতে হাতে পাচি ধৰো
 শান্তি , আনন্দ মনেৰে জীয়াবৰ বাবে হ'লে
 বৃক্ষ ৰোপন কৰো
 সেউজীয়া পৃথিৱী গঢ়ো।

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)