গুচ্ছ-সুভানা দাস

©Admin
0
নিজে ঠন ধৰি আমাকো দিলি জীৱন দান,
বহল এখন বুকুৰে তই আমাৰ গুচ্ছ আমি তোৰ ডাল,
হাঁহিৰ তুলিকাৰে ৰং-বিৰঙৰ চিত্ৰ আঁকিবলৈ শিকালা
নিবিচাৰি কোনো প্ৰতিদান।
অলেখ কষ্ট সহ্য কৰি ভাগৰি নপৰা কাহানিও,
সাহস তই,গৌৰৱ তই, সৃষ্টিৰ অনাদি অনন্তত জীৱন যুঁজৰ নায়ক তই।
ভগৱান বিচাৰি হাঁহাকাৰ কিহৰ?
দেউতা তই যে মোৰ ভগৱানৰ ওপৰ
তোৰ আশীষ চিৰনতুন
মোৰ শিৰ তোৰ দুটি চৰণ।
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)