পিতৃ দিৱসৰ ওপৰত কিছু অনুভৱ-সুমন্ত নায়ক

©Admin
0
ইং ১৮ জুন তাৰিখে আমি  সকলোৱে পিতৃ দিৱস হিচাপে পালন কৰি  আহিছো। পোন প্ৰথমে বিশ্ব বাসীৰ সমূহ পিতৃদ্ধয়ক সশ্ৰদ্ধ প্ৰণাম ও শ্ৰদ্ধা জনালোঁ। পিতৃ বুলি ক'লে আমি বুজাব নোৱাৰো, কৈ শেষ কৰিব নোৱাৰা শত সহস্ৰ ইতিহাস আমাৰ মাজত লুকাই আছে। পিতৃ আমাৰ প্ৰতি জনৰে একো একোটা উজ্জ্বল নক্ষত্ৰৰ দৰে উজ্বলি থকা বত বৃক্ষ । পিতৃ হিচাপে তেওঁৰ যিখিনি দায়িত্ব,  তেওঁৰ  অশেষ কষ্ট তথা পৰিশ্রম কৰি সন্তানৰ জন্ম লগ্নৰ পৰা তালি তুলি ডাঙৰ দীঘল কৰি উচ্চ শিক্ষাৰ জ্ঞান ,তথা লিখা পঢ়া কৰি মানুহ হিচাপে গঢ়ি তোলাৰ লগতে মানৱ সমাজৰ মাজত এগৰাকী সুযোগ্য সন্তান হিচাপে নিজৰ ভৱিষ্যত নিজেই গঢ় দিব পাৰে । তাৰ সমষ্ট দায়িত্ব পিতৃৰ পিতৃত্বৰ কৰ্ম ধৰ্ম কৰি অন্তিম সময়ত সন্তানৰ সাংসাৰিক জীৱনৰ যাত্ৰাৰ পথ গঢ়ি তোলে । তেওঁৰ সকলো দায়িত্ব বহন কৰি সন্তানক মানৱ সভ্যতাৰ নিদৰ্শন দাঙি ধৰে। আমি পিতৃ দিৱস সামাজিক মাধ্যমত যেনেদৰে পালন কৰিছোঁ ঠিক তেনেদৰে বাস্তৱ ক্ষেত্ৰত আমাৰ প্ৰতিজন সন্তানৰ দ্বায়িত্ব আছে। বৃদ্ধ অৱস্থাত পিতৃক নিজৰ সন্তানৰ লগত ৰাখি সযতনে নিজৰ ঘৰত মুক্ত স্বাধীনতা মুক্ত মনেৰে সু স্বাস্থ্যৰ লগতে খোৱা লোৱা ভৰণ পোষণ দি লালন পালন কৰাটো সকলোৰে দায়িত্ব ও কৰ্তব্য। পিতৃ যেতিয়া কৰ্মহীন হৈ পৰে  , উর্পাজন কৰিব নোৱাৰে, তেতিয়া কিছু ক্ষেত্ৰত কিছু সন্তানে নিজৰ জন্মদাতা পিতৃক বহু সন্তানেই বিভিন্ন ধৰণৰ গালি শপনি পৰা দেখা যায়। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যি সন্তানে পিতৃ মাতৃৰ কথা নামানে সেই সন্তান কোনোদিনে সফল হব নোৱাৰে,  পিতৃ মাতৃৰ বাক্যৰ প্ৰতি শব্দৰ মাজত লুকাই আছে শত সহস্ৰ শক্তি মাহাত্ম্য ।মাতৃ  পিতৃ  আমাৰ মাজত যেতিয়ালৈকে জীয়াই থাকে তেতিয়া আমি হয়তো অনুভৱ নকৰোঁ। অনুভৱ কেতিয়া কৰোঁ যেতিয়া পিতৃ মাতৃ আমাৰ মাজত নাথাকে তেতিয়া হয়তো তাৰ মূল্যৰ ফল কি, পিতৃৰ মাহাত্ম্য কি তাৰ সকলো সূত্ৰ বুজি পোৱা যায় আৰু তাৰ পিছত আমি কল্পনা কৰোঁ।   
কিন্তু সকলো পিতৃৰ সন্তান একেই নহয় এশ শতাংশৰ ভিতৰত নিৰানব্বৈ শতাংশই নিজৰ জন্মদাতা পিতৃৰ বৃদ্ধ অৱস্থাত  বিভিন্ন ধৰণৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা খা-খবৰ বিভিন্ন মাধ্যমযোগে তথা সামাজিক মাধ্যমত বিশেষকৈ দেখা পোৱা বা শুনিবলৈ পোৱা যায়। যেনেদৰে পুত্ৰৰ হাতত পিতৃৰ হত্যা,  নিজ পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃক ;আন একাংশই  আকৌ নিজৰ বিলাসী বাহনত উঠাই লৈ গৈ বাছ আস্থান,ৰেল  আস্থান,  ৰাজ পথৰ দাঁতিত এৰি থৈ অহাৰ খবৰো সংবাদ মাধ্যমত পঢ়িবলৈ বা শুনিবলৈ দেখা পোৱা যায়। যিদিনাখন আমাৰ সমাজত বৃদ্ধলোকৰ আশ্ৰম নোহোৱা হ'ব,  যিদিনা খন আমাৰ সমাজত বৃদ্ধ পিতৃ মাতৃৰ ওপৰত বিভিন্ন ধৰণৰ মানসিক, শাৰীৰিকভাৱে হত্যা, নিৰ্যাতন নোহোৱা হ'ব, সেইদিনাহে আমি পিতৃ দিৱস পালন কৰিছোঁ বুলি ক'ব পাৰিম।  কিন্তু আগত আমি পিতৃ দিৱস সামাজিক মাধ্যমত পালন কৰি একো লাভ নাই যিহেতু আমি একো একো গৰাকী পিতৃৰ সুযোগ্য সন্তান হৈ আমাৰ সমাজত আমাৰ দেশত পিতৃক যি ধৰণে লালন পালন কৰিব লাগে সেইদৰে পিতৃৰ প্ৰতি সন্তানৰ দ্বায়িত্ব পালন কৰা দেখা পোৱা নাযায়। 
কিন্তু প্ৰকৃততে আমি সামাজিক মাধ্যমত তথা ছচিয়েল মাধ্যমত আমি সকলো দিৱসেই পালন কৰা দেখা যায়, কিন্তু বাস্তৱ ক্ষেত্ৰত আমি পিতৃক যি ধৰণে শ্ৰদ্ধা ভক্তি কৰিব লাগে সেই দৰে আমি কৰিব পৰা নাই তাৰ সলনি আমি কি কৰিছোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণে মানসিক চাপ দিছোঁ আমাৰ বাবে কি কৰিলি, কি সুবিধা কৰিছ, আনৰ পিতৃয়ে বহু কিবা কিবি কৰি থৈছে আমাৰ কি কৰিছ, একো এটা কৰিব পৰা নাই জীয়াই থকাত কৈ মৰি যা; এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানসিক অশান্তি দিয়া দেখা পোৱা যায় কিন্তু  পিতৃৰ সুযোগ্য সন্তান হিচাপে আমি যে তেওঁৰ জৰিয়তে পৃথিৱীৰ দৰে পবিত্ৰ ঠাইত মানুহ  হিচাপে জন্ম ল'ব পাৰিছোঁ সেইটো আমাৰ বাবে শ্ৰেষ্ঠ। ভগৱানে হাত ভৰি সকলো দিছে ।মানুহ হিচাপে নিজেই নিজকে গঢ়ি তুলিব পৰাটো হে আমাৰ ধৰ্ম । পিতৃয়ে কি কৰিছে সেইটো প্ৰশ্ন কৰি বৃদ্ধ অৱস্থাত কোনো পিতৃৰ মনত কোনো সন্তানেই কষ্ট দিয়াটো এক অপৰাধ। 
কিন্তু প্ৰকৃততে পূৰ্ব্বৰ সমাজ ব্যৱস্থাত হয়টো পিতৃ সকলক শাৰীৰিক নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা নাছিল হয়টো বৃদ্ধা আশ্ৰম নাছিলে, কিন্তু বৰ্তমান সময়ত মানুহে যিমানেই উচ্চ শিক্ষাৰ জ্ঞান আহৰণ কৰি আহিছে সিমানেই দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে পিতৃৰ ওপৰত বিভিন্ন ধৰণৰ মানসিক আৰু শাৰিৰীক নিৰ্যাতনৰ ঘটনা। আমি প্ৰতিজন সন্তানেই এদিন নহয় এদিন পিতৃ হব লগা হ'ব, সেইটো প্ৰকৃতিৰ নিয়ম আমি যদি নিজৰ জন্মদাতা পিতৃৰ দায়িত্ব নলওঁ আমাৰো হয়টো এদিন সেই দিনটো  আহিব তেতিয়া আমাৰ দায়িত্ব কোনে ল'ব সেইটো আমি এশ বাৰ উপলব্ধি কৰিব লাগিব। যদি ভাল কাম কৰা নায়ায় তেতিয়া হয়তো ভাল ফল পোৱা নাযায়।আমি কি কাম কৰি আহিছোঁ ,কি কাম কৰিলো তাৰ ফলাফল আমি এদিন উপলব্ধি কৰিব লাগিব যেতিয়া নেকি আমিও এদিন বৃদ্ধ হ'ম, উপাৰ্জন কৰিব নোৱাৰা হ'ম, কৰ্মহীন হ'ম, তেতিয়া শেষ অৱস্থাত আমাৰ বিবেকে অনুভৱ কৰিব আমি ক'ত কি ভুল কৰি আহিলো ক'ত কি কাম কৰিলো। এক সময়ত আমি নিজেই নিজকে প্ৰশ্ন কৰোঁ চাগে আমিও আমাৰ পিতৃৰ ওপৰত বিভিন্ন ধৰণৰ মানসিক আৰু শাৰিৰীক নিৰ্যাতন কৰিছিলো আজি সেই একেই গতি তথা তাৰ ফল আমি নিজেই ভোগ কৰিব লগা হৈছে। 
কি আচৰিত জীৱন আমাৰ এয়েই নেকি মানৱ জীৱনৰ লীলা  খেলা ।
যি কি নহওঁক প্ৰতি গৰাকী সন্তানৰ দ্বায়িত্ব আৰু কৰ্তব্য পিতৃৰ প্ৰতি সু-স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। কথাতেই কয় 
 পিতৃ ধর্মই  পুত্ৰ সুখ। 

                            সুমন্ত নায়ক
                         বলোপাৰা মঙ্গলদৈ দৰং। 
                        তাং১৮।০৬।২৩ ইং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)