জীৱনটো এনেকুৱাই হয় কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন, কেতিয়াবা হেৰুৱাৰ বেদনা, কেতিয়াবা পোৱাৰ আনন্দ ।
সকলোৱে কোৱা শুনিছিলো যে সময়ৰ লগত মানুহবোৰ হেনো সলনি হৈ যায়, লাহে লাহে প্ৰমাণো পাব ধৰিলো। জীৱনৰ বাটত কেতিয়াও অকলশৰীয়া নকৰো বুলি কোৱা মানুহবোৰো এদিন অচিনাকী হৈ যায় ।সকলো বোৰ যেন সময়ৰ আহ্বান, কিয়নো সময় থমকি নৰয় ।আজিৰ আপোনাৰ ব্যৰ্থতাত সকলোৱে হাঁহিব, কিন্তু চিন্তা নকৰিব কাৰণ সময়ে হেনো সকলোকেই শিক্ষা দিয়ে ।এসময়ত আপোনবোৰেও কথা পাতিবলৈ এৰি দিয়ে, যেতিয়া হেনো তেওঁৰ জীৱনলৈ কোনো নতুন ব্যক্তি আহে ।তেতিয়া তেওঁ আপোনাৰ কথাবোৰহে আনৰ লগত চৰ্চা কৰিব য'ত আপোনাৰ ব্যক্তিত্বৰ বিচাৰ হ'ব। প্ৰেম বা বন্ধুত্বত যদি কোনো স্বাৰ্থ লুকাই থাকে তেন্তে তেনে সমন্ধ সদায় ক্ষণস্থায়ী। সেই বাবেইটো কয় বিশ্বাসেই জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ। যি কাৰোবাৰ ওপৰত এবাৰ হেৰাই যায় ইয়াক আকৌ পুনৰাই ঘূৰাই পোৱাটো টান।
✍️নীলোৎপল নাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ