কুকুৰ- আব্দুৰ ৰহমান

©Admin
0
ঐ কুকুৰ তোৰ ঠাণ্ডা নালাগে!
প্ৰচণ্ড শীতৰ নিয়ৰ ভৰা ঘাঁহনিত
মানুহৰ ঘৰৰ চোতালত বা পদুলিত
শুই থাক, কেতিয়াবা বাটৰ মাজত।

ঐ কুকুৰ তোৰ ভোক নালাগে!
উদৰ ভৰি খাবলৈ নোপোৱা 
মানুহৰ লাঠীৰ কোব লেই লেই ছেই ছেই
তথাপিও কৃতজ্ঞ বিশ্বস্ত সঙ্গী গৃহস্থৰ ।

ঐ কুকুৰ তোৰ ভাগৰ নালাগে!
চৌদিশে দৌৰি ফুৰি খাদ্য বিচাৰি
গেলা পচা মৰাশ কটা আৰু কত কি
সতীৰ্থৰ লগত নিতৌ কাজিয়া কৰি।

ঐ কুকুৰ তোৰ ভয় নালাগে?
তোক যে সবে ঘৃণাৰ চকুৰে চায়
নেজত ধৰে ডিঙিত ৰছী লগায়
কেতিয়াবা হাঁহিৰ খোৰাক বনায়।

ঐ কুকুৰ তোৰ লাজ নালাগে?
পথে ঘাটে যৌন মিলন কৰা
এক ভৰি বক্ৰ কৰি মলত্যাগ কৰা
চুৰিৰ স্বভাৱ যাব তোৰ পাৰিলে ধৰা।

ঐ কুকুৰ তোৰ লোভ নাই নেকি?
ঐ কুকুৰ তোৰ অভাৱ নাই নেকি?
নাই অভিযোগ হিংসাৰ দাৱানল
নাই তোৰ মৰণৰ ভয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)