নিলিখো বুলি থাকিব নোৱাৰোঁ- নৱজিৎ নাথ

©Admin
0
কবিতা কবিতা যেন লগা ,
মানৱ জীৱনতো মাথোঁ এটি কবিতা..! 
উকা এখিলা কাগজত 
কলমৰ নীলা চিয়াঁহীৰে  
শব্দৰ এজাক নিৰবিচ্ছিন্ন প্ৰতিলিপিৰে
 লিখোঁ বুলিয়ে যেন
 লিখিব পাৰি জানো কবিতা...!                                      
 
কেতিয়াবা বিচাৰি নাপাই
চন্দ্ৰৰ লহৰ আকৌ শব্দৰ প্ৰাচুৰ্য... আৰু আন কেতিয়াবা আকৌ 
শব্দৰ মিলনৰ হয় অভাৱ ........?? 

লিখোঁ বুলি যেন 
লিখিব পাৰি যেন কবিতা......??       
কেতিয়াবা এখন শুকান পথাৰত 
এমুঠি শব্দৰ বিচাৰি হয় অভাৱ .....?? 

কেতিয়াবা আকৌ ভাবো লিখিম কি ! 
জীৱন মানে এটি কবিতা মাথোঁ,
আকৌ কেতিয়াও অনুভৱ হয়,
কি‌ বিষয় ল'লে.. 
গ্ৰন্থ প্ৰেমী ৰাইজে সমাজত
ভালদৰে আকোঁৱালি লব,, 
আকৌ কি বিষয় নিৰ্বাচন কৰিলে 
সাধাৰণ দৰ্শকে অন্তৰত দুখ পাব.!!
মাথোঁ চোঁদিশে এক হাহাকাৰ .....।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)