বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন শৈলী - ৰুণুদেৱী শৰ্মা

©Admin
0
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯চনৰ ৩১জানুৱাৰীত বৰ্তমান বাংলাদেশৰ ঢাকাত। দেউতাক গোপালচন্দ্ৰ ৰাভাই ভাষাত সামৰিক বিভাগত কাম কৰিছিল।মাকৰ নাম আছিল গেথীবালা ৰাভা।
ঢাকাতে প্ৰাথমিক শিক্ষা লাভ কৰি দেউতাকে চাকৰিৰপৰা অৱসৰ লৈ তেজপুৰত স্থায়ী ভাৱে থাকিবলৈ লোৱাত ৰাভাই তেজপুৰতেই হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ তেজপুৰৰ চৰকাৰী ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয় আৰু দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাত তেওঁ 'কুইন এমপ্ৰেচ 'বঁটা লাভ কৰে। প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কলিকতাৰ ছেণ্ট পলছ কলেজত 
আই এছ চি (তেতিয়াৰ)ত নাম লগায়, ইয়াৰ পিছত তেওঁ কলিকতাৰ ৰিপন কলেজত বিএছ চি নাম ভৰ্তি কৰাই পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ পঢ়ে। কলিকতাত পঢ়ি থাকোঁতেই ৰাভাই খেল-ধেমালি,
সংগীত,নাটক আদি বিষয়ত সুখ্যাতিৰে অংশ গ্ৰহণ কৰে। তেওঁ কলেজৰ ক্ৰিকেট আৰু ফুটবল দলৰ
অধিনায়কো হৈছিল। অৱশ্যে বিষ্ণুৰাভাই সেই সময়ত স্বাধীনতা সংগ্ৰামত লিপ্ত হৈ পৰে। ৰাভাৰ ওপৰত সেই সময়ৰ  ব্ৰিটিছ চৰকাৰৰ চোৰাংচোৱাৰ শেনচকু পৰাত এদিন তেওঁৰ হোষ্টেলৰ কোঠালীৰ খানতালাচী হয়। এইবোৰ কথাত বিতুষ্ট হৈ ৰাভাই কলিকতা এৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত নাম লগায়।তাত তেওঁ ইংৰাজ বিষয়াৰ প্ৰতিপত্তিৰ কথা প্ৰকাশ
কৰাৰ বাবে কোচবিহাৰৰ শাসনকৰ্তাই ৰাভা আৰু তেওঁৰ লগৰীয়া সকলক ৰাজ্য ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে।তেতিয়াই ৰাভাৰ শিক্ষা জীৱনো সামৰণি পৰে।
ৰাভাৰ ৰাজনৈতিক জীৱন ---১৯৩২চনত ৰাভাই পুলিচৰ ডিএচপি চাকৰি পাইছিল যদিও সেই চাকৰি প্ৰত্যাখ্যান কৰে। দেশৰ শোষিত -নিষ্পেষিত
নিপিড়ীত কৃষক বনুৱাৰ দুখ-দৈন্যতাত কাতৰ হৈ প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে তেওঁ বিদ্ৰোহী হৈ উঠে। ফলস্বৰূপে বিপ্লবীৰ অভিযোগত তেওঁ কেইবাবাৰো কাৰাবাস খাটিব লগীয়া হৈছিল।১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দলত যোগ দি ১৯৫৭ চনত কোকৰাঝাৰ সমষ্টিৰপৰা প্ৰাৰ্থীৰূপে থিয় দিয়ে। সেইবাৰ তেওঁ জয়ী ন'হল।১৯৬৭ চনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেজপুৰ সমষ্টিৰ পৰা বিধানসভাৰ সদস্য হয়।
ৰাভা আৰু নৃত্য ---নৃত্যবিদ্যাত বিষ্ণু ৰাভাৰ অসাধাৰণ দক্ষতা আছিল।১৯৩৯ চনত কলিকতাৰ গ্লোব থিয়েটাৰৰ মঞ্চত শিৱৰ তাণ্ডব নৃত্য প্ৰদৰ্শন কৰি তেওঁ দৰ্শক ৰাইজক বিমোহিত কৰে। দৰ্শকৰ
আসনত উপবিষ্ট বিশ্ব প্ৰসিদ্ধ নিত্যবিদ উদয়শংকৰ
সাধনা বওস আদিয়ে তেওঁক উচ্চ প্ৰশংসা কৰে।
কলিকতাত ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটিয়সী প্ৰাইমা ,বেলেৰিনা আনা পাভালোৰ সৈতে ৰাভাৰ সাক্ষাৎ হয়।১৯৩৯ চনতে তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ পাই নৃত্য প্ৰদৰ্শন কৰেগৈ। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড: সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰাভাৰ নৃত্যত মুগ্ধ হৈ ভাৰতৰ শ্ৰেষ্ঠ কলাবিদৰূপে সোণৰ পদকেৰে সন্মানিত কৰাৰ উপৰিও 'কলাগুৰু' উপাধিৰে বিভূষিত কৰে।
সংগীত শিল্পী ৰাভা---ৰাভা আছিল অতি উচ্চ পৰ্যায়ৰ সংগীতশিল্পী। তেওঁ আছিল একেধাৰে গীতিকাৰ, সুৰকাৰ বাদ্যযন্ত্ৰী আৰু কণ্ঠ শিল্পী। বাদ্য যন্ত্ৰী হিচাপে তেওঁ হাৰমনিয়াম ,তবলা,ক্লৰিঅ'নেট
পাখোৱাজ,এচৰআজ,ঢওলওক, চেতাৰ, বেহেলা,বাহী,মৃদঙ্গ,খোল আদি বজাব জানিছিল।
ইয়াৰ উপৰিও কাৰ্বি, মণিপুৰী,নগা,মীজো,ৰাভা,আদি বিভিন্ন ভাষাৰ গীত গাই দৰ্শকক মন মুগ্ধ কৰিছিল। তেওঁ ৰচনা কৰা গীত সমূহ ৰাভা সংগীত নামেৰে অলংকৃত কৰা হৈছে।
বিষ্ণুপ্ৰসাদ ৰাভাৰ অভিনয় ---বিষ্ণুপ্ৰসাদ ৰাভাই শোণিত কুঁৱৰী, জয়মতী,চিৰাজ,আদি চলচ্চিত্ৰৰ নিৰ্মাণো কৰিছিল আৰু অভিনয়ো কৰিছিল। ইয়াৰোপৰি গ্ৰামোফোনত বানীবদ্ধ নাটকো পৰিচালনা কৰিছিল।সেইবোৰ হ'ল---বেউলা, নৰকাসুৰ,বিহুৱতী, শঙ্কৰদেৱ, মাধৱদেৱ,অজগৰৰ বিয়া,চেনাই-চেনেহী, বৰদৈচিলা ইত্যাদি।
ৰাভাৰ সাহিত্য প্ৰতিভাও সমানে আলোকময়।যাযাবৰী জীৱন এটা পাৰ কৰিও তেওঁৰ অসমীয়া সাহিত্যলৈ অৱদান অতুলনীয়।
তেওঁৰ সাহিত্য ৰাজিৰ ভিতৰত (১) গবেষণা মূলক পুথি
(২)নাটক,(৩)নাটিকা,(৪)গল্প (৫) প্ৰৱন্ধ (৬) উপন্যাস আদি।
মৃত্যু --তেজপুৰ বিধানসভা সমষ্টিৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই ১৯৬৯ চনৰ ২০জুন তাৰিখে ৰাভাৰ
মৃত্যু হয়।
বিষ্ণুৰাভাৰ কাৰণেই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 'বিষ্ণুৰাভা এতিয়া কিমান ৰাতি ' নামেৰে এক কবিতা ৰচনা কৰিছে।মেদিনী চৌধুৰীয়ে 'ফেৰেংগাদাও'নামেৰে  উপন্যাস সৃষ্টি কৰিছে আৰু তিলক দাসে 'বিষ্ণুৰাভা এতিয়া কিমান ৰাতি 'নামেৰে জীৱনী লিখিছে।
       ইয়াৰ উপৰিও ৰাভাদেৱক সৈনিক শিল্পী হিচাপেও জনা যায়। সৈনিক হিচাবে তেওঁ অক্লান্ত কৰ্মী আছিল।

                     
                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)