সাহিত্য- সংস্কৃতিৰ সুবাস' উৎকৃষ্ট ভিন্নসূৰী সংকলন - ধীৰেন শইকীয়া

©Admin
0
ৰুণু দেৱী শৰ্মা অসমৰ সাহিত্য জগতৰ পৰিচিত নাম। তেওঁ প্ৰধানতঃ কবি হিচাপে জনপ্ৰিয়, ইতিমধ্যে তেওঁৰ 'আৰুনো কিমান ৰাতি', 'মেঘৰ আঁৰৰ জোন','জোনাকত জিলিকা বন','মেঘৰ গাজনিত চোতাল নিতিতে' কাব্য সংকলন প্ৰকাশৰ পিছত শেহতীয়াভাবে তেওঁৰ এখন প্ৰবন্ধ সংকলন 'সাহিত্য-সংস্কৃতিৰ সুবাস' বজাৰলৈ আহিছে।আধ্যাত্মিকতা,সাহিত্য সৌৰভ,পৰিৱেশ,সংস্কৃতি,স্বাস্থ্য,জীৱন পৰিক্ৰমা,লোকপৰম্পৰা,ঐতিহ্য আদি কেইবাটিও বিষয়ৰ চাব্বিশটা নিটোল তথা তথ্যনিষ্ঠ প্ৰবন্ধ সন্নিবিষ্ট আছে 'সাহিত্য- সংস্কৃতিৰ সুবাস' নামৰ প্ৰবন্ধ সংকলনখনত। 'আজিৰ প্ৰতিনিধি পাব্লিকেচনে' প্ৰকাশ কৰা সুন্দৰ পকাবন্ধা তথা ছপাৰে সুশোভিত সংকলনখনত থকা প্ৰবন্ধসমূহৰ অভিনৱ বিষয়সূচীয়েও তেওঁৰ বিদ্যায়তনিক মনৰ উমান পোৱা যায়। সংকলনখনত এটি আত্মজীৱনীমূলক লেখা 'সজল সোঁৱৰণীৰ দস্তাবেজ'ত তেওঁৰ ব্যক্তিগত জীৱনৰ সংঘাত সমস্যাৰ সময়ত কিদৰে নিজৰ পৰিয়ালটোক সাহসেৰে আঁৱৰি ৰখাৰ চেষ্টা কৰিছিল তাৰ বিষয়ে উল্লেখ কৰিছে। তিনিটি বৰেণ্য ব্যক্তিৰ জীৱন (মাদাৰ টেৰেছা, যাদৱ পায়েং,পদ্মপ্ৰিয়া) বৃত্তান্ত সম্বলিত তিনিটা লেখায়ো গ্ৰন্থখনক অনন্য ৰূপত তুলি ধৰিছে।নাৰী সকল সমাজৰ ধৰণী, পৰিয়ালৰ চালিকা শক্তি, সন্তানৰ সৰ্বদিশত বিকাশৰ মূলভেটি, ৰুণু দেৱী শৰ্মাৰ এই বিষয়ক দুটি প্ৰবন্ধ হ'ল  'সমাজত নাৰীৰ স্থান' আৰু  'শিশুৰ নৈতিক চৰিত্ৰ গঠনত মাতৃৰ ভূমিকা'।দুয়োটা প্ৰবন্ধতে লেখিকা ৰুণু দেৱী শৰ্মাই নিজৰ বাস্তৱিক অভিজ্ঞতাৰ সুন্দৰ চয়নো সন্নিবিষ্ট কৰিছে সংকলনখনত। বিহু অসমৰ প্ৰাণ, বিহু অসমীয়াৰ মান।'বিহুৰ কৰ্মশালাৰ পৰা  হ'ব পৰা লাভালাভ' আৰু 'বিহু আয়োজক কমিটীবোৰলৈ কিছু পৰামৰ্শ' এই দুয়োটা প্ৰবন্ধত লেখিকাই  কিছু তাৎপৰ্যপূৰ্ণ বিষয় অৱতাৰণা কৰিছে। প্ৰতি বছৰে ৰঙালী বিহু আহিলেই এমাহ ডেৰমাহৰ পৰা যি এক উৎসৱমুখৰ পৰিৱেশ হয় তাৰ লগতে অসমৰ বিভিন্ন অঞ্চলে অঞ্চলে যি বিহু কৰ্মশালা অনুষ্ঠিত কৰে এই কৰ্মশালাবোৰে নতুন প্ৰজন্মক বিহু নৃত্য গীত সুন্দৰ পৰিশীলতৰূপত পৰিৱেশনত উৎসাহিত কৰি আহিছে,তেনে কৰ্মশালাবোৰ আৰু অধিক পৰিকল্পিতৰূপত বৈজ্ঞানিক মন মানসিকতাৰে গঢ়িলে অধিক ফলপ্ৰসূ হ'ব বুলিও তেওঁ উল্লেখ কৰে।ইফালে বিহু আয়োজক কমিটীসমূহে বিহু আয়োজনৰ পিছত ৰাহি হোৱা ধনেৰে চুবুৰীয়া অঞ্চলটোৰ আৰ্থসামাজিক বিকাশৰ দিশত গুৰুত্ব দিবলৈও আহ্বান জনায়। গ্ৰন্থখনৰ আন দুটি মনোজ্ঞ প্ৰবন্ধ  'মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সংস্কৃতিলৈ অৱদান আৰু ঐতিহ্য' আৰু 'জ্যোতি বিষ্ণুৰ ঐক্যবদ্ধ সংগ্ৰাম' বিষয়ত সুন্দৰ মনোজ্ঞ আলোচনা আগবঢ়াইছে  ৰুণু দেৱী শৰ্মাই ।
সংকলনখনত স্বাস্থ্য বিষয়ক কেইবাটাও প্ৰবন্ধ সন্নিবিষ্ট আছে।'কেইবাটাও থলুৱা খাদ্যৰ গুনাগুণ' আৰু 'কৰোণা ভাইৰাছ ইয়াৰ লক্ষন আৰু প্ৰতিকাৰ আৰু ইয়াৰ পৰা হোৱা উপসৰ্গবোৰ আৰু খাদ্যাভাস' নামৰ এই দুয়োটা প্ৰবন্ধটো লেখিকা শৰ্মাই স্বাস্থ্য বিষয়ক বহুকেইটা দিশ সামৰি তথ্যনিষ্ঠ আলোচনা আগবঢ়াইছে। লোকপৰম্পৰা ঐতিহ্য সংস্কৃতি বিষয়ত প্ৰায় পাঁচটা প্ৰবন্ধ সন্নিবিষ্ট আছে সংকলনখনত। 'শৰৎকালৰ সৌন্দৰ্য','শাৰদীয় দুৰ্গোৎসৱৰ মাহাত্ম্য','ৰাসলীলাৰ তাৎপৰ্য','সাউৰি খোৱা প্ৰথা','অসমৰ দৌল উৎসৱ হোলী','শ্ৰীমদ্ভাগৱত পুথি' আদি প্ৰবন্ধসমূহত ভালেমান নতুন নতুন বিষয়ৰ তাৎপৰ্যপূৰ্ণ কথা আলোচনা কৰি পাঠকসমাজক ভিন্নসূৰী ৰসাস্বাদন কৰাত সফল হৈছে লেখিকা । এশ চাৰি পৃষ্ঠাৰ সুগঢ়ি সংকলনখনৰ প্ৰবন্ধসমূহৰ ভাষা প্ৰাঞ্জল, কোনো বিতৰ্কিত বিষয়েও আহি ভিৰ কৰা নাই।গ্ৰন্থখনৰ পাতনিত লেখিকাই প্ৰকাশ কৰিছে -'সৰুৰে পৰা সাহিত্যৰ প্ৰতি ধাউতি আছিলেই,সময়ে সময়ে ডায়েৰীত মনলৈ অহা ভাব অনুভূতিবোৰ লিখি ৰাখি আহিছিলো,পিছলৈ সেয়াই প্ৰনালীবদ্ধ ৰূপত উলিয়াই দিওতে কবিতা,প্ৰবন্ধ হৈছেগৈ।

দুই এটি ব্যতিক্ৰমী প্ৰবন্ধও আছে সংকলনখনত, তাৰে ভিতৰত 'সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত অনলাইন মাধ্যমৰ সাহিত্য চৰ্চাৰ প্ৰাসংগিকতা' ,'সুখ দুখৰ লগৰী মোবাইল ফোনটোৰ কিছু কথা' অন্যতম। হাতৰ টিপতে প্ৰায়বোৰ মানুহে লৈ ফুৰা এই মোবাইলটোৱে আমাক যিমান উপকাৰ কৰি আহিছে, তাৰ সমান্তৰালভাৱে ইয়াৰ সাংঘাটিক ৰেডিয়েছনে চকু, কাণ তথা শ্বাসপ্ৰশ্বাস কাৰ্যত ব্যাঘাত জন্মায়।আজিকালি অত্যাধিক 'মোবাইল এডিক্টেট' হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়িছে। প্ৰধানতঃ ইয়ো যুৱ উচ্ছৃংখলতাৰ অন্যতম কাৰণ হৈ পৰিছে।মোবাইলৰ এশটা উপকাৰ থাকিলেও ইয়াৰ দুটা অপকাৰেই বহুতৰে জীৱনকো টিলটিলকৈ ভোগাই আহিছে।এনেবোৰ কথাকেই সহজকৈ এই প্ৰবন্ধটিত উল্লেখ কৰিছে। সদৌশেষত ৰুণু দেৱী শৰ্মাৰ পৰা এনে আৰু অধিক প্ৰবন্ধ সংকলন আশা কৰিছো।
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)