গুগুল -জ্যোতিষ্ক বৰুৱা

©Admin
0
বৰ্তমান সময়ত  গুগুল হৈছে পৃথিৱীৰ এনে এক অভিধান ৰূপী ইন্টাৰনেট যুক্ত ডিজিটেল ব্যৱস্থা যত সকলো তথ্যৰ অনুসন্ধান কৰি তথ্য সমূহ পাৱ পাৰি ৷ বহু তথ্য সংগ্ৰহীত এনে এক ব্যৱস্থাপনা যত ক্ষন্তেকতে ইন্টাৰনেট মাধ্যমেৰে তথ্য লাভ কৰিৱ পাৰি ৷ স্কুল,কলেজৰ পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন ধৰণৰ তথ্য গুগুলত বিচাৰিলে পোৱা যায় আৰু বৰ্তমান তথ্য জনাৰ সহজ লভ্য আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷
            আজি কালি সকলো কথাতে যেন গুগুলৰ ওপৰতে দৃঢ় বিশ্বাস ৷ আজি কালি কিবা জানিৱ লগীয়া থাকিলে গুগুলতহে খুচৰি সম্ভেদ লয় ৷ আজিৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীয়ে যেন নিজৰ  অভিভাৱকতকৈ গুগুলকহে বেচি অভিভাৱক জ্ঞান কৰে ৷ অভিভাৱক মানে মাক-দেউতাকে কিবা ভাল শিক্ষা দিলেও গুগুলতহে যেন সঁচা মিছাৰ প্ৰমান বিচাৰি ফুৰে ৷আনকি নকৰিবি,নাযাবি,নাপায় আদিবোৰৰো প্ৰমান  গুগুলত বিচাৰি যদি আজিৰ প্ৰজন্মই আগবাঢ়িব খুজে,  গতিকে সামাজিক সংস্কাৰ,নৈতিকতাৰ পাঠ,চৰিত্ৰ গঠনৰ পাঠৰ লগতে অন্যান্য দিশ বিলাকৰ দৰে গুগুলত সন্নিৱিষ্ট হলে একপ্ৰকাৰৰ ভাল হৱ ৷ তেতিয়াহে মাক দেউতাকৰ কথাত বিশ্বাস নথকা এচামে  আজিৰ যুগত মাক-দেউতাককো একপ্ৰকাৰৰ গুগুল বুলি ভাৱিব ,অকনমান শ্ৰদ্ধাৰে মাক-দেউতাকৰ কথা কান পাতিৱ ৷ এনেবোৰ দৃষ্টিকোণেৰে  শেষত গুগুল সদায় অভিশাপ নহয় আৰ্শীৱাদ হওক তাৰেই কামনাৰে ৷৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)