সজ চৰিত্ৰ গঠনত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা-হিয়াশ্ৰী শিৱম

Sibani Baruah
0
       ছাত্ৰ জীৱন হৈছে এগছি বন্তি স্বৰূপ। যি সকলে শিক্ষা গ্ৰহণৰ বাবে আনুষ্ঠানিক ভাৱে লিখা পঢ়া কৰে তেওঁলোককেই ছাত্র-ছাত্রী বোলা হয়। ছাত্ৰই হৈছে দেশৰ ধৰণী স্বৰূপ। শিকি বুজি এজন উপযুক্ত মানুহ হোৱাটোৱেই ছাত্ৰ- ছাত্ৰীৰ মূল লক্ষ্য আৰু লক্ষ্য সাধনৰ কাৰণে কৰিব লগীয়া কামসমূহেই ছাত্ৰ- ছাত্ৰীৰ কৰ্তব্য। গতিকে প্রকৃত মানুহ হ'বলে যিবিলাক গুণৰ আৱশ্যক ছাত্র অৱস্থাতেই সেই গুণ সমূহ আহৰণ কৰিব লাগিব। যিহেতু আজিৰ ছাত্ৰ কাইলৈকে নাগৰিক। ছাত্ৰ সকল দেশৰ ভৱিষ্যতৰ আশা-ভৰসাৰ থল। ছাত্ৰসকলৰ মন অতি কোমলীয়া যিপিনে ইচ্ছা সেইপিনে ভাজ দিব পাৰি। এজন সুদক্ষ আদর্শবান ছাত্ৰ হ'বলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলে চৰিত্ৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰিও ছাত্ৰ- ছাত্ৰীৰ সজ চৰিত্ৰ গঠনত পিতৃ মাতৃ শিক্ষাগুৰু অভিভাৱক, পৰিৱেশ আদিৰো যথেষ্ট ভূমিকা আছে। তেতিয়াহে নিজৰ লক্ষ্য সাধনত উপনীত হ'ব পাৰিব। অভ্যাসৰ দ্বাৰা বিশেষকৈ সজচৰিত্ৰ আৰু সজ আচৰণ গঠন কৰি ছাত্ৰ জীৱন সফল কৰিব পাৰি। "অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।" অভ্যাসৰ জৰিয়তে কঠিন কামো সহজে হৈ পৰে। মানুহৰ সজ চৰিত্ৰ শুৱনি ফুলতকৈয়ো মনোৰম । সজ চৰিত্ৰৰ বলত মানুহে বহুত কাম কৰি বহুতো জয় কৰিব পাৰে। সেই কাৰণে অসৎ সংগ পৰিত্যাগ কৰি সদায় সজ সংগত থাকি সজ দৃষ্টান্ত আৰু সজ অভ্যাস কৰা উচিত। দয়া বিনয় নম্রতা, সত্য, শান্তি, সততা, পৱিত্ৰতা এই সকলোবোৰ সজ চৰিত্ৰৰ ভূষণ। কৰ্তব্য কামতকৈ মানুহৰ ডাঙৰ বস্তু একো নাই। সজ চৰিত্ৰবন্ত ব্যক্তিক সকলোৱে আদৰ কৰে আৰু সন্মান কৰে। সজ মনোভাৱেৰে অধ্যৱসায়ৰ দ্বাৰা ছাত্ৰ- ছাত্ৰীয়ে বৌদ্ধিক, নৈতিক, সামাজিক, আধ্যাত্মিকতাৰ জ্ঞান। আহৰণ কৰি নীৰৱ সাধকৰ দৰে সুশৃংখলভাৱে শিক্ষা আহৰণ কৰিব লাগিব। শিক্ষা হ'ল এটা জাতিৰ উন্নতিৰ ঘাই আহিলা । শিক্ষা অবিহনে ছাত্র জীৱন অন্ধকাৰ। শিক্ষাই মানুহৰ জীৱনত সত্য, শিৱ আৰু সুন্দৰৰ আৰধনা কৰিবলৈ শিকায়। বাহ্যিক অলংকাৰেৰে সুন্দৰ হোৱাতাকৈ সজ চৰিত্ৰ গঠন কৰি আত্মিক  বলেৰে আভ্যন্তৰীণ অলংকাৰেৰে নিজক সজাব  পাৰিলে নিজৰ লগতে জগতৰ উপকাৰ সাধন কৰি প্ৰকৃত মানুহ হিচাপে প্ৰতিষ্ঠিত হ'ব পৰা যায়।। 

✍️শ্ৰী হিয়াশ্ৰী শিৱম
ফোন নম্বৰ: 6003231663
জিলা: দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)