অৰ্ণৱ বৰুৱা এক সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা ৷ মহানগৰীৰ মুখ্য প্ৰশাসনিক বিষয়া অলকেশ বৰুৱাৰ একমাত্ৰ সন্তান ৷ দেউতাক প্ৰশাসনিক বিষয়া হিচাপে যথেষ্ট নামজ্বলা ব্যক্তি ৷ দেউতাকৰ অফিচৰ অফিচিয়েল কাম কাজত প্ৰায়েই চৰকাৰী গাড়ীখন ড্ৰাইভাৰ ৰূপত দেউতাকে তাক কেতিয়াৱা লৈ যায় ৷ দেউতাকে অফিচৰ কামত জৰুৰী সভাত বহি থাকিলে বাহিৰত গাড়ীত বহি দেউতাকৰ ব্যক্তিগত দেহৰক্ষী কেইটাৰ লগত আড্ডা মাৰি সময় কটাই ৷
এদিনাখনৰ কথা ,অফিচৰ কাম শেষ কৰি দেউতাকে তাক গাড়ীখন পাৰ্কি পেলেচত পাৰ্ক কৰি কিছু সময় ৰৱলৈ কৈ শ্বপিং মলত বজাৰ কৰিৱলৈ সোমাল ৷ দেউতাকলৈ আপেক্ষা কৰি ৰৱলৈ লৈ জেপৰ পৰা তাৰ ম'বাইলটো লৈ গেম খেলাত ব্যস্ত হৈ পৰিল ৷
হঠাৎ এজন বয়সীয়াল ব্যক্তিয়ে পাৰ্কিং পেলেচৰ পৰা তেখেতৰ গাড়ীখন উলিয়াবৰ বাবে অৰ্ণৱে চলোৱা গাড়ীখন অকণমান চাইড কৰিবলৈ ক'লে ৷ অৰ্ণৱে মানুহজনৰ কথাত অকণো কাণ সাৰ নিদিলে ৷ কেইবাবাৰো কোৱাত শেষত কলে "মই গেম খেলি আছো, মোৰ সময় নাই ৷ আপোনাৰ গাড়ীখন উলিয়াবলৈ যথেষ্ট খালী ঠাই আছে ৷ আপুনি উলিয়াই ল'ব পাৰিব ৷"
কি কৰোঁ নকৰোঁ কৰি মানুহজনে পাৰ্কিঙৰ পৰা নিজৰ গাড়ীখন উলিয়াব লওঁতে অকণমান অৰ্ণৱৰ দেউতাকৰ গাড়ীত এটা মৃদু খুন্দা লাগি জোকাৰণি তুলি গ'ল ৷
অৰ্ণৱ উচপ খাই উঠিল ৷ খঙত একো নাই হৈ গাড়ীৰ পৰা নামি বয়সীয়াল মানুহজনৰ গাড়ীৰ পৰা চাবিপাত এৰুৱাই মানুহজনক আজুৰি নমাই তেখেতৰ চোলাত খামুচি ধৰি তৰ্জন গৰ্জন কৰি কৱলৈ ধৰিলে "চাল্লা বুঢ়া ,তই আমাৰ গাড়ীখনত খুন্দিয়ালি কিয় ? তোৰ চকু নাই ? "
বয়সীয়াল মানুহজনে ক'লে "মইতো তোমাক আগতেই কৈছিলো তোমালোকৰ গাড়ীখন অকণমান আগপিছ কৰি দিব ৷ তুমিহে কলা পাৰিব বুলি ৷"অৰ্ণৱে কলে "ঐ তোক আৰু কিমান জেগা লাগিছিল ৷ ইমান ঠায়েই গাড়ীখন উলিয়াবৰ বাৱে যথেষ্ট আছিল ৷ চাল্লা বুঢ়া জানি বুজিয়েই তই এনে কাম কৰিছ ৷ তই মোক চিনি পোৱা নাই… মোৰ দেউতাক আহিবলৈ দে, তোৰ কি অৱস্থা কৰোঁ চাই থাক ৷"
সেই সময়ত অৰ্ণৱৰ দেউতাকো আহি ওলাল ৷ অৰ্ণৱক চিঞৰ বাখৰ কৰাৰ কাৰণ সুধিলত সি দেউতাকক সকলো বিৱৰি কলে ৷
দেউতাকে একো নামাতিলে মাত্ৰ মানুহজনক গাড়ীৰ চাবিপাত দি ক্ষমা খুজিবলৈ ক'লে আৰু তেখেতৰ গাড়ীখন পাৰ্কিঙৰ উলিয়াই দিবলৈ ক'লে ৷
অৰ্ণৱৰ খুওৱ খং উঠিছিল যদিও দেউতাকৰ কথা মানি গাড়ীৰ চাবিপাত মানুহজনক দি ক্ষমা খুজাৰ লগতে গাড়ীখন পাৰ্কিঙৰ পৰা উলিয়াই দিলে ৷
দেউতাকে অৰ্ণৱক সিহঁতৰ গাড়ীখনত বহিবলৈ কৈ বয়সস্থ মানুহজনৰ সৈতে হাতযোৰ কৰি বহু সময় কথা পাতি থকা দেখি তাৰ আৰু খং দুগুণ চৰিল যদিও কোনোমতে গাড়ীত ধৈৰ্য্যতাৰে বহি থাকিল ৷
শেষত দেউতাক অলকেশ বৰুৱা নিজৰ গাড়ীত বহিল ৷ অৰ্ণৱক গাড়ীখন ষ্টাৰ্ট কৰিবলৈ ক'লে কিন্তু অৰ্ণৱে একো নামাতি মনে মনে বহি থাকিল ৷
সি একো নাই হৈ বহি থকাত দেউতাকে মৃদু ভাৱেই তাক কলে "কি হল আকৌ তোমাৰ? ব'লা আকৌ মোৰ দেৰি হৈছে নহয় ৷"
অৰ্ণৱে কলে দেউতা " তুমি যে আৰু নহয়, মোৰ কোনো দোষ নাছিল ৷ তুমি মিছাতে মোক মানুহজনৰ ওচৰত ক্ষমা খুজিব দিলা ৷
নিজৰ পুত্ৰক বিশ্বাস নকৰি হাতযোৰ কৰি সেই অচিনাকী মানুহজনৰ কথা বিশ্বাস কৰি তেখেতৰ ওচৰত ক্ষমা খুজি সময় নষ্ট কৰি আহিলা ৷ কি দৰ্কাৰ আছিল তোমাৰ ?"
দেউতাকে অলপ হাঁহিলে আৰু কলে -
"চোৱা অৰ্ণৱ ,সেই জন মোৰ কোনো অচিনাকী ব্যক্তি নহয় ৷ সেইজনেই মোৰ তাহানিৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গুৰু যতীন দুৱাৰা ছাৰ ৷ আজি যদি নিজৰ থিয় দি চৰকাৰী চাকৰিটো কৰি আছো তাৰ আঁৰৰ ব্যক্তিজনেই সেইজন ৷ সৰুতে মোৰ দেউতা ঢুকোৱাৰ পিছত মোৰ চাকৰিটো হোৱা সময়খিনিলৈকে সেইজন ছাৰেই অভিভাৱকৰ ৰূপত সকলো সময়তে সকলো দিশত ছাঁটোৰ দৰে আছিল ৷ আজি যি কৰিছো,যি পাইছো সেইয়া ছাৰৰ একমাত্ৰ অৰিহনা আৰু অৱদানৰহে ফলশ্ৰুতি ৷ আজিৰ দিনটোলৈকে সফল ব্যক্তি হ'বৰ বাবে ছাৰে দিয়া উপদেশ,আদৰ্শ,উৎসাহ, প্ৰেৰণাবোৰেই মোৰ সম্বল আছিল ৷ গুৰু ব্ৰক্ষ্মা,গুৰু বিষ্ণু,গুৰু মহেশ্বৰ, গুৰু সাক্ষাত পৰম ব্ৰক্ষ্ম ৷ গুৰুৱে কেতিয়া শিষ্যৰ অহিত চিন্তা নকৰে ,শিষ্যক মিছা নামাতে বা অন্ধকাৰ পথলৈ থেলি নিদিয়ে ৷ গতিকে ছাৰে কেতিয়াও মিছা নামাতে তুমি নিশ্চয় মিছা মাতিছা ৷ অতদিনে ছাৰে মোক যিমান বোৰ শিক্ষা, উপদেশ দিছিল সেইবোৰ মিছা নাছিল বাবেই মই আজি সফল ৷"
অৰ্ণৱে অনুশোচনা আৰু অনুতপ্তৰে দগ্ধ হৈ কিছু সময় মনে মনে থাকি দেউতাকক কলে "ছ'ৰি দেউতা ৷ মোৰ ভুল হৈছিল ৷ মোক ক্ষমা কৰি দিয়া দেউতা ৷ মই আৰু এনেকুৱা ভুল কাহানিও নকৰো ৷"
অ'কে অৰ্ণৱ, "তুমি মোৰ ল'ৰা। মই জানো তুমি আৰু এনেকুৱা ভুল কাহানিও নকৰা ৷ ব'লা ,এতিয়া যাবানে ? "
অৰ্ণৱে গাড়ী ষ্টাৰ্ট দিলে,সিহঁতৰ গাড়ীখন মহানগৰীৰ কোনোবা এটা গলীৰ ভিৰৰ মাজৰ কোনোবাখিনিত সোমাই পৰিল ৷
✍️ জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম ৷
মোৱাইল নং:৯৩৬৫০০৮৩৪৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ