বিপদত শহাই
বিচাৰি সহায়,
কাৰোৰে নাপাই
কৰে হায় হায়।
২/
ধেকুৰাৰ মুখত
তেজৰ চেকুৰা,
ধৰি খালে নেকি
বনৰ কুকুৰা?
৩/
আঁহত গছৰ
গুটি সৰি,
আহত হ'ল
বালক হৰি।
৪/
আহল-বহল
দালানৰ হল,
দিবলৈ ভাল
তাতে টহল।
৫/
পুহৰ নিশা
চাকি জ্বলাই
ঢেঁকীৰ শলা
ল'লোঁ সলাই।
৬/
চিপিৰা পিপৰাই
চিপচ কিনি,
অকলে খাইছে
কাকোৱেই নিদি।
৬/
ইবেলি হেনো
হ'ব বৰ খৰ,
দহিকতৰাই দিলে
বতৰা বতৰৰ,
৭/
কাউৰী নগৈ
উৰি আঁতৰি,
হাবিত জনালে
খেলৰ বাতৰি।
৮/
মিছামাছে ফিছা
মিছাতে নচুৱাই,
মাছ বোৰক
আছে হঁহুৱাই।
৯/
ভাওনাৰ বহুৱাই
কি দৰে হঁহুৱায়,
মুঠেও ধৰিব
নোৱাৰে কঁহুৱাই।
১০/
টোপনিৰ ৰাণী
শিয়ালৰ শ্ৰীমতী,
সুযোগ পালেই
মাৰে এঘুমটি।
১১/
অংক বিনে
নাই গতি,
ভুল হ'লে
নানা দুৰ্গতি।
১২/
গলগলীয়া মাতৰ
সহোদৰ যুগল,
ফুটবল খেলত
দিয়েই গ'ল।
১৩/
নতুনকৈ কিনি
হোণ্ডা বাইক,
ফেচবুকত ফটো দি
বিচাৰিছে লাইক
১৪/
বানত উটি
মাউখে পৰুৱা,
পালে কোনোবা
ধুবুৰী-কুৰুৱা।
১৫/
কঁহুৱাৰ মাজত
খহুৱা ভেকুলী,
খেদে ফেঁটীয়ে
ফেঁটটো তুলি।
১৬/
গাত পৰাত
বৰষুণৰ টোপাল,
গাঁতৰ পৰা ওলাল
ভেকুলী এপাল।
১৭/
বৰষুণৰ টোপালৰ
বান্ধি টোপোলা,
বান্ধৈৰ ঘৰলৈ
ওলাল বৰটোকোলা।
১৮/
হন্ত-দন্ত কৰি
মহন্ত ওলাল,
মাহনিত বোলে
খান্দিব খাল।
১৯/
খাওঁগৈ ব'ল
টোপোলা ভাত
কলপাত কাটি
থৈছোঁ তাত।
২০/
পালৰ ছাগলীৰ
যিটোহে পাল,
একে জাঁপেই
পাৰ হয় খাল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ