বিচ্ছেদৰ বেদনা -পৰিস্মিতা দত্ত

©Admin
0
সন্ধ্যাৰাগৰ এপিয়লা মদিৰাত মাতাল নিশা 
এইয়াই নেকি আজি বিচ্ছেদৰ বেদনা? 
বিচ্ছেদৰ বেদনা কি সেইজনক সোধা
যিজনে গোটেই ৰাতি নীৰৱে কান্দে ,
দুখৰ মাজতো যে আনে নজনাকৈয়ে
মুখত এমোকোৰা হাঁহি লৈ আনক সুখী কৰে।

বিচ্ছেদৰ বেদনা কি উৰ্মিলাক সুধা
যি আছিল চিৰদিন,চিৰকাল উপেক্ষিতা 
বিচ্ছেদৰ দাবানলত দগ্ধ থকা 
উৰ্মিলাৰ হৃদয়ৰ বিষণ্ণতা ,
নাৰীৰ জীৱনৰ চৈধ্যটি মৰ্মাহত বছৰৰ...
 বিচ্ছেদৰ বেদনা...
কেনেদৰে সহিছিল সেই যান্ত্ৰনা? 
লক্ষ্মণৰ পৰিণীতা , সৰ্বগুণে বিভূষিতা , 
বিৰহিণী উৰ্মিলা ... । 

বিচ্ছেদৰ বেদনা কি সীতাক সুধা
যি সীতাই পাৰ কৰিছিল বনত বিনিদ্ৰ নিশা 
দূৰ কৰি প্ৰাসাদৰ ক্ষুধা 
কঠোৰতাৰে সহি ৰামে কৰা বিচ্ছেদৰ বেদনা
জনক দুহিতা, ৰামৰ প্ৰিয়া সেই সীতা আজি
বিশ্ববন্দিতা...। 

বিচ্ছেদৰ বেদনা কি ৰাধাক সুধা 
গুচি গʼল কৃষ্ণ বৃন্দাবনৰ পৰা
দুখ, অভিমানে গৰকা ৰাধাৰ উত্তাল অৱস্থা 
কানাইৰ পদধূলাৰে পিষ্ট বৃন্দাৱনেই হৈছিল
ৰাধাৰ জীয়াই থকাৰ অন্তিম উশাহ ।

বিচ্ছেদৰ বেদনাত দগ্ধ নাৰী হৃদয়ৰ কৰুণতা
প্ৰতিদিন,প্ৰতিপল অন্তৰতেই থাকে লুকাই
নিজে কান্দি আনক হহুৱাই
দুগালে দুধাৰী অবুজ চকুলো বোৱাই
আঁতৰাই আন্ধাৰ ....
কলা ডাঁৱৰৰ ধূষৰতা গুচাই।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)