জনতাৰ বিস্ফোৰণ -বসন্ত ওজা

©Admin
0
স্বাধীনোত্তৰ কালৰ পৰা
ভাৰত আৰু অসমত
   কত ৰজা আহিল আৰু গ'ল ।
গনতন্ত্ৰৰ জনগণৰ
বহু অভিলাষী জনমত
     কোনো কালে
       সুৰক্ষিত নহ'ল ।।
নহ'ল সুৰক্ষিত
অসমৰ অসম চুক্তি
     নহ'ল সুৰক্ষিত মানৱতা ।
জননী অসমী ভাৰতীৰ
শীতল বুকুত উঠে
      জোৱাৰ হাঁ হুতাশা ।।
দুৰ্নীতি মুক্ত শূন্য
সহনশীল বুলি 
ঢাক ঢোল বাব
     সফল আমাৰ চৰকাৰ ।
তেন্তে ধৰণীত কিয়
সঘনাই দেখা পাঁও
     অন্যায় অনীতি অবিচাৰ ??
লুণ্ঠন ধৰ্ষণ হত্যাৰ
দৈত্য দানৱ ওপজাই
     সমাজত খেল 
       ৰুধিবৰ খেলা ।
কেনেকৈ পূজিম মাতৃক
নিচলা নিৰীহ প্ৰজাই
    ভকতিৰ প্ৰভাতী বেলা ??
ভাবিছনে বাৰু কেতিয়াবা
দিনহীন মজদুৰৰ পীড়া
      ৰজাৰ সিংহাসনত বহি ?
আৰু থাকিম কিমান
পূঁজিপতি সদাগৰৰ
     শোষণৰ যাতনা সহি ??
চৰকাৰৰ আমোলত থকা
বিভাগীয় বিষয় ববীয়াৰো
      দেখিছো একেটাই নীতি ।
ক্ষমতাৰ বাঘজৰী ধৰি
নৰমেধ যজ্ঞ পাতি
  কৰিছ কিয় সমাজৰ ক্ষতি ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)