জীৱন থকালৈকে
মই মোৰ সত্ত্বাক জীয়াই ৰাখোঁ
সূৰ্যৰ পোহৰত
মোৰ কোষীকাই পৃথিৱীৰ ৰং সেউজীয়া কৰে
প্ৰতি জীৱৰ
শিৰে শিৰে প্ৰতিপল
মোৰ নিশ্বাস বৈ থাকে....
মোৰ তথাপি অহং ভাৱ নাই
চেতনা থাকিলেও আবেগ নাই,
মই জানো মই যি
মই কেৱল সেয়াই হোৱাতো উচিত,
মই গছ মই গছেই
মানুহ হোৱাৰ মোৰ কামনা নাই ...
কিন্তু মানুহৰ হে আজি মানুহ হোৱাৰ প্ৰয়োজন আছে...
পৃথিৱী যদি মানুহৰ হয়..
✍️সূৰজ বৰগোহাঁই, ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ