আগমণৰ বেলা-অংকিতা বৰুৱা

©Admin
1
বসন্তৰ ৰঙবোৰে যেন ছবি আঁকি যায়!
মন কেনভাচ খনি ৰঙেৰে সজাই।
নীল আকাশে যেন আজি বাঁহী বজাই।
ডাৱৰে গীত গাই ৰহণ লগাই।।
কলীয়া মেঘে আহি মনে মনে;
বৰ্ষাৰে আজি যেন ধৰা সজাই!!

খিৰিকীৰ কাষত বহি মোৰ মন 
তোৰ ভাবত বিলীন হৈ যায়।
বৰ্ষাৰ মধুৰ সুৰৰ হতে,
মোৰ মনে আজি গীটাৰ বজাই।।
খেলিমেলি চুলিত বৰ্ষাৰ টুপাল নামি 
এই দেহত যেন শিহৰণ জগাই!

তোৰ কথাবোৰ হঠাৎ মোৰ মনত ভাঁহিছে,
ভাললগাবোৰ যেন পুনৰ আহিছে।
আকাশখনিত পোহৰে লুকা-ভাকু খেলিছে!
ৰামধেনুৰ ৰঙে সজাই তুলিছে। 
বাট চাই আছো মই মাথো তোলৈ 
তোৰ আগমণীৰ গীত গাবলৈ!
ৰৈ আছে আমাৰ পদূলিৰ তগৰ জুপি 
সেই নিশাৰ সুগন্ধি হ’বলৈ!

✍️অংকিতা বৰুৱা
    গোলাঘাট

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment