নুবুজা সাঁথৰ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
কোলাহলত থাকি বেয়া পাওঁ
সেইবাবে নীৰৱতাৰ সময়বোৰ আকোঁৱালি লওঁ, 
কিয়নো মই নিৰিবিলি সময়ত স্তব্ধ হৈ কবিতা লিখি ভাল পাওঁ।
সময়ৰ তাগিদাত পৰি কেতিয়াবা
অপ্ৰিয়বোৰো প্ৰিয় কৰি লওঁ
নিজৰ ইচ্ছাৰ বিৰুদ্ধে যুঁজি
ভাগৰি পৰো নিঃসহায় ভাৱে
যি বিচাৰোঁ সেয়াতো কৰিব নাপাওঁৱে
আনক সুখী কৰাতে ব্যস্ত এতিয়া
নিজৰ সুখবোৰ সপি দিওঁ
আনৰ ককৰ্থনা সহ্য কৰি
মিছা অপবাদৰ গৰাকী হওঁ
কিমান দিন আৰু এনেকৈ
নিজৰ ইচ্ছা আৰু আশাবোৰ
মোহাৰি ৰাখিম মনে নিবিচাৰাকৈ
বুজি নাপাওঁ কথাবোৰ।


✍️দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)