ফেচবুকৰ পৰা ~"কেঞ্চাৰ , কিডনী ফেইলাৰ বিৰূদ্ধে যুজঁ কৰোঁ আঁহক‌"-ডা:মনোজ কুমাৰ শইকীয়া

©Admin
0
আমাৰ অসমীয়া মানুহক ঔষধ আৰু আন কোম্পানীয়ে গিণিপিগৰ দৰে ব্যৱহাৰৰ কৰাৰ বাবে দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগ বৃদ্ধি হ'ব ধৰিছে আৰু আমাৰ পিছৰ প্ৰজন্মৰ কফিনত শেষ গজালটোহে মাৰিবলৈ বৰ্তমান বাকী আছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি এতিয়া সচেতন হ'বৰ হ'ল।
(১) কিডনী ফেইলাৰ আৰু দূৰাৰোগ্য কেঞ্চাৰ ৰোগ কাৰক গেষ্ট্ৰিকৰ ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল টেবলেত আৰু কেপচুল সম্পূৰ্ণ ভাৱে বৰ্জন কৰক। কিছুমান চিকিৎসকে জধেমধে লিখা থাইৰক্সিন হৰমন ঔষধ বৰ্জন কৰি, শাৰীৰিক পৰিশ্ৰম আৰু যোগাভ্যাস কৰক। অসমত কেইবছৰমানৰ পৰা হঠাতে বৃদ্ধি পাইছে কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগী। ইয়াৰ বাবে একাংশ ধনলোভী চিকিৎসক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী। কিছুবছৰ আগতে নিমেছুলাইড নামৰ ঔষধ জ্বৰ আৰু বিষ নাশক হিচাবে প্ৰয়োগ কৰাৰ বাবে অসমৰ বহুত মানুহৰ কিডনী ফেইলাৰ হৈছে। এতিয়া গেষ্ট্ৰাইটিচৰ ঔষধে অসমৰ মানুহক দেশৰ ভিতৰতে সৰ্বাধিক কিডনী ফেইলাৰ আৰু কেঞ্চাৰ ৰোগী কৰিব।
(২) কেঞ্চাৰ ৰোগ সৃষ্টিকাৰক পশ্চিমৰ ৰাজ্যৰ চাউল, ঘেহু আদি বৰ্জন কৰক। সেউজ বিপ্লৱৰ নামত পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আদি ৰাজ্যত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয় । এই ৰাসায়নিক সাৰ আৰু কীটনাশক ৫%- ৭%  শস্যত সঞ্চিত হয়। তাৰোপৰি চাউল, ঘেহু ইত্যাদি খাদ্য শস্য নপচিবলৈ আৰু পোকে নাখাবলৈ ডি ডি টি, মালাথিয়ান ,ফুৰাদন আদি কৰি স্বাস্থ্য খতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই দিয়া হয়। চাউলতকৈও বেছি খতিকাৰক ৰঙা চাকি আটা। মনত ৰাখিব , চাউল ধুলে কম পৰিমাণে হ'লেও বিষাক্ত পদাৰ্থ আঁতৰ হয়। কিন্তু আটা ধুই খাব নোৱাৰি আৰু আটা বনোৱাৰ আগতেও ঘেহু ধুই পৰিস্কাৰ নকৰে। সেয়েহে সৰু লৰা-ছোৱালী , বৃদ্ধ আৰু ডায়েবেটিচ ৰোগীৰ বাবে ৰঙা চাকি আটা খোৱাটো বেছি বিপদজনক।
(৩) ৰাস্তাৰ কাষত পৰি থকা গেলি-পচিব ধৰা মৃতদেহতকৈও দূষিত আৰু বিষাক্ত চালানী মাছ বৰ্জন কৰক। চালানী মাছ নাখালে মানুহ নমৰে। মানুহৰ বিষ্ঠা, মৰা জীৱ-জন্তু, নাড়ী আদি খুৱাই ডাঙৰ কৰা চালানী মাছত ফিটা পেলু থাকে। ডেডবডী সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰা , কেঞ্চাৰ তথা কিডনী ফেইলাৰ ৰোগ কাৰক বিষাক্ত ফৰ্মেলিন সানি অসমীয়া সকলক দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগত আক্ৰান্ত কৰিব বিছৰা  চালানী মাছ সম্পূৰ্ণ বৰ্জন কৰক। এই চালানী মাছৰে অন্নপ্ৰাশন, শ্ৰাদ্ধৰ ভোজ, আলহীক আপ্যায়ন, বিয়া-সবাহ আৰু অন্যান্য উৎসৱ পাৰ্বনত খুৱাৰ মানসিকতা দূৰ কৰক, নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক। প্ৰয়োজন সাপেক্ষে আলুপিটিকা ভাত খাৱক, নিৰোগী হৈ থাকিব পাৰিব।
(৪) কাৰ্বাইদ দি পকোৱা কল বৰ্জন কৰিলে কল বেপাৰীয়ে কলত কাৰ্বাইদ দিয়া বন্ধ কৰিবলৈ বাধ্য হ'ব।
(৫) প্লাষ্টিকৰ বাচন-বৰ্তন ব্যৱহাৰ নকৰিব। ননষ্টিক টাৱা , কেৰাহী ব্যৱহাৰ নকৰিব। সাতাম পুৰুষে ব্যৱহাৰ কৰি অহা লোহাৰ কেৰাহী , কাহৰ বাচন ব্যৱহাৰ কৰক।
(৬) ফাষ্টফুড বিশেষকৈ মমো, শীতল পানীয় , পেকেজি‌ঙ খাদ্য বৰ্জন কৰক। শীতল পানীয় বা কল্ড ড্ৰিঙ্কচত থকা বি ভি অ কেঞ্চাৰ ৰোগকাৰক।
(৭) ধপাত সেৱন বন্ধ কৰক। 
(৮) ৰিফাইন তেলৰ পৰিৱৰ্তে সৰিয়হ বা তিলতেল খাওক।
(৯) অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা শাক-পাচলি , ফল-মূল বৰ্জন কৰক। কেবাঘন্টা নিমখ পানীত ডুবাই ৰাখি খালে বিষাক্ত পদাৰ্থ কিছু কমে।
 (১০) পৰম্পৰাগত আমাৰ সাতাম পুৰুষীয়া খাদ্য খাওক।
(১১) অপ্ৰিয় সত্য, অসমৰ একাংশ চিকিৎসকে
 ৰোগীক কমিচনৰ ধান্দাত জধেমধে সঘনাই এক্সৰে, আলট্ৰা চনগ্ৰাফী, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰে। এই বিলাক বেছি কৰিলেও ৰেডিয়েচন কাৰণেও কেঞ্চাৰ হব পাৰে। কিন্তু প্ৰয়োজন সাপেক্ষে কৰিলে কমকৈ ক্ষতি কৰে বাবে বিশেষ চিন্তনীয় নহয় ।
(১২) আতাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, অনাৱশ্যক ভাৱে বেছিকৈ ঔষধ প্ৰেছক্ৰাইব কৰা আৰু বেছিকৈ লেবৰেটৰীত পৰীক্ষা কৰিবলৈ বাধ্য কৰিব বিচৰা চিকিৎসকক সম্পূৰ্ণ বৰ্জন কৰক। এই ধৰণৰ চিকিৎসকে আপোনাৰ লগতে আন দহজনৰো শাৰীৰিক, মানসিক আৰু আৰ্থিক ক্ষতিসাধন কৰে। মোৰ ওচৰলৈ অহা বেছিভাগ পুৰণি ৰোগীয়ে অনা ৰিপৰ্ট চাই কেতিয়াবা হতভম্ব হৈ পৰো, কিছুমান ৰোগীৰ ইতিমধ্যে কৰা  ৮০-৯০ % পৰ্যন্ত পৰীক্ষা ৰোগীজনৰ বেমাৰৰ লগত কোনো সম্পৰ্ক নাই বা অনাৱশ্যক। 
              অপ্ৰিয় সত্য যে,ঔষধ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ নিৰ্দেশ মানি কমিচনৰ লোভত একান্ত বাধ্য ছাত্ৰৰ দৰে কিছুমান চিকিৎসকে স্বাস্থ্য হানিকাৰক ঔষধ লিখাৰ ফলত অসমীয়া সকলৰ মাজত দিনক দিনে বৃদ্ধি পাইছে কিডনী ফেইলাৰ, কেঞ্চাৰ আদিৰ দৰে দূৰাৰোগ্য ব্যাধি। লগে লগে এই ৰোগ নিৰাময়ৰ নামত গঢ়ি উঠিছে অন্য এক ব্যক্তিগত খণ্ডৰ ভটিয়নী উদ্যোগ ডায়েলাইছিচ আৰু কেঞ্চাৰ হস্পিটেল । সামান্য ক্ৰিয়েটিনিন বাঢ়িলেও আৰম্ভ কৰি দিয়ে ডায়েলাইছিচ, কিন্তু অসমত ডায়েলাইছিচ কৰা কিমান জন ৰোগী ভাল হৈছে??? বৰং ডায়েলাইছিচ কৰাৰ পিছত সেই ৰোগীৰ মৃত্যুৰ সময় চমু চাপি আহে। 
      আমাৰ ফকৰা যোজনা আছে " বাচি খাবা জাগি শুবা" সদায় ভাবিচিন্তি খাব , বয়-বস্তু কিনিব আৰু চিকিৎসা কৰিব।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)