অভিযান- যুৱৰাজ বাচকোটা

©Admin
0
অনুসন্ধিৎসু মনে কেইটামান শব্দ বুটলি
দুৰুহ যাত্ৰা অবিৰতভাৱে 
 শুভ্ৰ বৰফৰ মহাদেশ এন্টাৰ্কটিকা লৈ --
তুমিও আহা মোৰ সৈতে
এপাক ঘূৰি চাই আঁহো গৈ
হিমচেঁচা বৰফৰ মাজত কেনেকৈ জীয়াই
আছে তাত !
এজাক পাখি থাকিও উৰিব নোৱাৰা
পেঙ্গুইন বিহগৰ জাক!
অভিযান আমাৰ তেতিয়াহে সফল হ'ব
তুমি নগ'লে নহয় 
মনত সাহস ,উৎসাহ, উদ্ধীপনা , শক্তি তুমি মোক দিব পাৰিবা
কাৰণ !
এন্টাৰ্কটিকা অভিযান সহজ সাধ্য নহয় অকলেতো কল্পননাও কৰিব নোৱাৰি ---
আহা আহা পৰস্পৰে পৰস্পৰৰ হাতে
হাতে ধৰা ধৰি কৈ
বৰফৰ মহাদেশ এণ্টাৰ্কটিকাৰ অভিযান
সফল কৰোঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)