দৈনিক- সাধাৰণ জ্ঞান

©Admin
0
প্ৰশ্ন ১। ‘জোনাকী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ২। জোনাকী যুগৰ ত্রিমূর্তি বুলিলে কাক কাক কোৱা হয়?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।

প্ৰশ্ন ৩। ‘বিজুলী’ কাকতখন কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ:- ১৮৯০ চনত।

প্ৰশ্ন ৪। ‘বিজুলী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ:- কৃষ্ণপ্ৰসাদ দুৱৰা।

প্ৰশ্ন ৫। ‘ঊষা’ আলোচনীখন কেতিয়া প্রকাশিত হৈছিল?
উত্তৰ:- ১৯০৭ চনত।

প্ৰশ্ন ৬। ‘ঊষা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱাই।

প্ৰশ্ন ৭। ‘বাঁহী’ আলোচনীখন কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ:- ১৯০৯ চনৰ ডিচেম্বৰ মাহত।

প্ৰশ্ন ৮। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই।

প্ৰশ্ন ৯। ‘আৱাহন’ কাকতখন কোন চনত প্রকাশ পাইছি?
উত্তৰ:- ১৯২৯ চনত।

প্ৰশ্ন ১০। ‘আৱাহন’ কাকতখন ক’ৰ পৰা ওলাইছিল?
উত্তৰ:- কলিকতাৰ পৰা।

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)