সময়-অৰুণাভ নাথ

©Admin
0
সময়ে এক মাত্ৰ প্ৰমাণ
আৰম্ভ আৰু শেষ হোৱা জীৱনৰ
কোন কাৰ আপোন হয়।
সময়ে টো আপোনাক নকয় জীৱন কিমান বাকী
দিনবোৰ যোগ হৈ সময় ওকলি যায়
নাথাকে সুযোগ অনুশোচনাৰ বাবে
প্ৰেম টো পাছৰ কথা
দলিয়াই দিব আপোনাক মানুহে
যেতিয়া সিহতৰ কাম নহ'ব
আপুনিও টো জীৱন যাত্ৰাৰ
এজন ভাগৰুৱা বাটৰুৱা হ'ব
আপুনিও টো অপেক্ষা কৰিব এদিন
বুকুত একোৰা জুই লৈ
চিতাত জুই কেতিয়া জ্বলিব। 

✍️অৰুণাভ নাথ । গোলাঘাট , দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)