১০ জুলাই••আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
"১০ জুলাই (ইংৰাজী: 10 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯১তম (অধিবৰ্ষত ১৯২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৪টা দিন বাকী থাকে।

🧿ঘটনাৱলী----
১৯৬০ - ভাৰত-কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয়।
১৯৬২ - আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয়।
১৯৬৫ - গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হয়।
১৯৭৩ - কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামে স্বাধীনতা লাভ কৰে॥
১৯৯২ - প্ৰথম ভাৰতত নিৰ্মিত (প্ৰথম) দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয়।
২০০৭ - গুৱাহাটী উচ্চ ন্যায়ালয়ত ‘ই-কোৰ্ট’ আচনি প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি ই-কোৰ্ট আচনিখন ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স আচনিৰ অধীনত সামৰি লোৱা হৈছে।
২০০৮ - ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাহিত্যিক ছলমান ৰুশ্বদিয়ে বিশ্বৰ সন্মানীয় ‘বেষ্ট অব বুকাৰ এৱাৰ্ড’ লাভ কৰে।
২০১১ - ৰঙিয়াত পুৰী এক্সপ্ৰেছত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হয়।
২০১২ - উত্তৰ-পূবৰ বিকাশৰ বাবে এছিয়ান ডেভলেপমেণ্ট বেংকে ২০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰে।

🧿জন্ম------

১৮৫৬ - নিক'লা টেছলা, আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা।
১৮৭১ - মাৰ্চেল প্ৰুষ্ট, ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ।
১৯৩৭ - ৰামশৰণ দৰ্নাল, নেপালী নৃতাত্তিক সংগীতবিজ্ঞানী
১৯৩৮ - জয়ন্ত বিষ্ণু নাৰ্লিকাৰ, পদাৰ্থ বিজ্ঞানী।
১৯৪০ - মেঘনাদ দেশাই, ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ।
১৯৪৯ - সুনীল গাভাস্কাৰ (সুনীল মনোহৰ গাভাস্কাৰ), ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ।
১৯৫০ - পাৰবীন চুলতানা, ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয়সংগীতশিল্পী, ‘সংগীত সম্ৰাজ্ঞী’।
১৯৫১ - ৰাজনাথ সিং, নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, ৰাজনেতা, ভাৰতীয় জনতা পাৰ্টি।
১৯৫৬ - আলোকনাথ, বলিউডৰ অভিনেতা। 

🧿মৃত্যু----

১৩৮ - হেইড্ৰিয়ান, ৰোমান সাম্ৰাট।
১০৯৯ - ইল চিড, স্পেইনৰ ৰাষ্ট্ৰীয় বীৰ।
১৫৫৯ - হেনৰী দ্বিতীয়, ফ্ৰান্সৰ ৰজা।
১৮৫১ - লুই জেকচ্ মণ্ডে ডেগুয়াৰ, ফ্ৰান্সৰ উদ্ভাৱক আৰু আলোকচিত্ৰ শিল্পী।
১৯৮৪ - প'ল মৰ্ফি, আমেৰিকাৰ দবা খেলুৱৈ।
২০১৪ - জোহৰা ছেহগল, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।

🧿দিৱস---

ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস (ভাৰত)।
স্বাধীনতা দিৱস (বাহামা)।
নিক'লা টেছলা দিৱস।

সংগ্ৰাহক ~দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)