দাপোনক সুধি চালোঁ-শিল্পী দাস

©Admin
0
দাপোনক সুধি চালোঁ
মই নো কোন বাৰু?
উত্তৰত উক্তি পালোঁ
কোনো নহয় কাৰোঁ।
নিজকেই বিশ্বাস ৰাখি
আগলৈ আগুৱাই যোৱা,
কৰ্মৰে জগত জিনি 
পৰিচয় গঢ়ি লোৱা ।
কষ্টকৰ জীৱন বাট
ভাবি হতাশ নহ'বা,
হাঁহি মুখেৰে সাহসেৰে
জীৱন জয় কৰিবা।
ধন্য হ'ব বিশ্বব্ৰহ্মাণ্ড
প্ৰাণ পাব হৃদয়,
কঠোৰ পৰিশ্ৰমৰ ফলত
মান্য হ'ব তোমাৰ পৰিচয়।
হাঁহি তোমাৰ সৰ্বশক্তিমান
চেষ্টাৰে পাবা উন্নতিৰ বাট,
সাহস তোমাৰ অমূল্য ৰত্ন
জীৱনত শিকিবা বহু পাঠ।

      ✍️ শিল্পী দাস
 ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)
           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)