ভাগৰুৱা ✍️দিপশিখা ৰাজকোঁৱৰ

©Admin
0
সময়ৰ লগে লগে জীৱন
আগুৱাই যায় বিভিন্ন দিশে
মাথোঁ থাকি যায় স্মৃতি
কিছুমান বেদনাৰে সিক্ত
আৰু কিছুমান সুখেৰে পৰিপূৰ্ণ।
ভাগৰুৱা অনুভৱ কৰিছোঁ আজি
ভাগৰুৱা শৰীৰ আৰু মন লৈ
দুৰ্বল হৈ পৰিছোঁ কিয় জানো
জীৱনে আৰু কিমান পৰীক্ষা ল'ব
কিমান কষ্ট দিব অকণমানি
অভিমানী হৃদয়খনক 
মোৰো মন যায় আনৰ দৰে
প্ৰাণখুলি হাঁহিবলৈ
মন যায় হাঁহি হাঁহি জীৱন জীয়াবলৈ
দুখবোৰ একাষৰীয়া কৰি চোন
কোনোমতে আগুৱাই যাব নোৱাৰোঁ
সুখবোৰ ক্ষন্তেকীয়া হৈ আহে
দুখবোৰে বুকুত হেচুকি ধৰে
বহুত ভাগৰুৱা হৈ পৰিছোঁ।

✍️দিপশিখা ৰাজকোঁৱৰ।
_______________________

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)