মনত উদয় হোৱা শেষৰ পৰিক্ৰমাত,
আজিও নুবুজিলোঁ………
জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ যুঁজত ,
নিজৰ হাতৰ মুঠিত সাঁচি ৰখা
অলেখ অযুত সাৰ্থকতাবোৰ
ক'ত আৰু কোন দিশে গ'ল ???
হাঁহিৰ বিননিৰে ভাও ধৰি ধৰি
নিশব্দে……………
চকুৰ পচাৰতে…
সময়বোৰ গুচি গ'ল
অবিৰাম গতিত লানি নিচিগাকৈ,
ৰৈ গ'ল মাথোঁ অশান্ত স্মৃতিৰ
কিছু ৰূপকথা বোৰ,
বুকুৰ বাহিৰে ভিতৰে……
যেন এতিয়া… ……
দেহৰ কষ্টতকৈ মনৰ কষ্টহে বেচি হ'ল,
প্ৰাপ্তি-অপ্ৰাপ্তিৰ খতিয়ন খনিত…
সময়ৰ বাকৰিত তহিলং হৈ পৰা
এখন উদং পথাৰৰ দৰে…
কেতিয়াৱা হঠাৎ চিন্তাৰ জৰীডালত
আঁত ধৰি উকা হৈ পৰে …………
নিজৰেই অজানিতে
কোনোৱাখিনিত জীৱনটো ৷৷
✍🏾 জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ