অনুভৱ- জ্যোতিষ্ক বৰুৱা

©Admin
0
অংকিতে এদিন এটি ইন্টাৰভিউ দিবৰ বাবে গুৱাহাটীলৈ ওলাল ৷ সকলো বায়ডাটা সহ কাগজ পত্ৰবোৰ ফাইলটোত সামৰি সাজু হ'ল ৷ পাঁচ বাজি দহ মিনিটত নামৰূপৰ পৰা নৈশ বাছৰ সময় ৷ মাকে দিয়া টিফিনটো ভৰাই লগৰ বন্ধু সমীৰক বাছ ষ্টেণ্ডত থবলৈ ফোন কৰিল ৷ সমীৰে সময়মতে ষ্টেণ্ডত গৈ বাছত উঠাই তাৰ পৰা বিদায় ল'লে ৷ যাত্ৰা আৰম্ভ হ'ল ৷ নাহৰকটীয়াৰ ষ্টেণ্ডত যাত্ৰী দুজন মান তুলি দুলিয়াজান অভিমূখে গাড়ীখন গতি কৰিলে ৷ সকলোৰে পৰিচিত দুলীয়াজান পিপল তলত বাছ খন যাত্ৰীৰ আপেক্ষাত কিছু সময় ৰ'ল ৷ 
এনেতে এখন বিলাসী গাড়ী বাছ খনৰ সমীপত ৰলহি ৷ সম্ভ্ৰান্ত যেন লগা আদবয়সীয়া ব্যক্তি গাড়ী খনৰ দৰ্জাৰ মুখত আহি মাত দিলে " কোন আছে কণ্ডাক্টৰ  ?"
যাত্ৰী সকলক চিট পৰীক্ষা কৰা কণ্ডাক্টৰ জনে মাত দিলে "দাদা মই আছো ৷"
শুনচোন কথা এটা ‍……
কি কথা দাদা…
মোৰ গাড়ীত বৃদ্ধ এজন আছে, ডিব্ৰুগড়ত কনভয় ৰোডত নমাই দিব লাগে ৷ কেইটকা দিব লাগিব  ?
দাদা সত্তৰ টকা ৷ 
হুহ ল'… …এইটো ৷
কণ্ডাক্টৰ জনে  কাষত ৰৈ থকা সম্ভ্ৰান্তজনৰ গাড়ীৰ দৰ্জা খুলি থৰক বৰক খোজ দিয়া বৃদ্ধ জনক বাছত তুলি দি অংকিতৰ কাষৰ চিটটোতে বহিবলৈ দিলে ৷ কাষত এটা গধুৰ বেগ ৷
ইচ্ছাকৃত ভাৱেই অংকিতে বৃদ্ধ জনক আমনি নাপাওক বুলি খিৰিকী কাষৰ চিটটো এৰি দি কাষতে বহি পৰিল ৷
সুধিলে কলৈ যাব ককা ? 
অ' মই ডিব্ৰুগড় যাম ৷ 
ইয়াত ক'লৈ আহিছিল?
অ' মই………দুলীয়াজান আহিছিলো ৷
মোৰ একমাত্ৰ ল'ৰাটোৰ ওচৰলৈ ৷ অইলত চাকৰি কৰে ৷ কোনোবা এটা কলনিত থাকে ৷ দুদিন মান থাকিব আহিছিলো ৷ 
ইমান বুঢ়া মানুহ জন বাছত যে  ? লৰাটোক থবলৈ নক'লে কিয় আপুনি  ?
এহ সময় নাই অ' বোপাই সিহঁতৰ  ৷ 
অ' ইমান ৰাতিখন ডিব্ৰুগড়ত নামি কেনেকৈ যাব… ? ডিব্ৰুগড়ৰ কোনখিনিত ঘৰ আপোনাৰ  ? আপুনি গাড়ী এখন ভাড়া কৰি দি পঠাই দিবলৈ ক'ব লাগিছিল ল'ৰাটোক ৷ 
অ'  মোৰ ঘৰ বাণীপুৰত বোপাই ৷ গাড়ী ভাড়া কৰি দিবলৈ তাৰ পইচা নাই,তাৰ লৰা দুটাক অসমৰ বাহিৰত পঢ়াই আছে যথেষ্ট খৰচ দিব লাগে ৷ ভাড়াটোকে দি পঠাইছে ৷ ডিব্ৰুগড়ত নামি লৈ কিবা কৰি যাম আৰু… …
কথা বতৰাত গম পালে বৃদ্ধ জনৰ ছোৱালী এজনীও আছে ৷ যোৰহাট টাউনত কিবা চাকৰি কৰে ৷ বিয়াও তাতে ৷ জীয়েকৰ ছোৱালী জনী কানৈ কলেজত পঢ়ে ৷ তাই ককাকৰ লগত থাকে ৷
কথা পাতি থাকোতে কেতিয়ানো ডিব্ৰুগড় পালেহি অংকিতে গমেই নাপালে ৷ বৃদ্ধ জনো নামিবৰ হল ৷ অংকিতে তেখেতৰ বেগটো নমাই দিলে আৰু বাছ খন অলপ সময় ৰ'বলৈ কৈ অটো'ৰিক্সা এখন ৰখাই ড্ৰাইভাইৰজনক ভালকৈ বুজাই যথাস্থানত নমাই দিবলৈ কৈ বাছত উঠিল ৷
বাছখনো লাহে লাহে গতি কৰিলে ৷ মনতে ভাবিলে হে,ভগৱান মোক এনেকুৱা চাকৰি নালাগে দেই যদি মা-দেউতাক বৃদ্ধ বয়সত সময় আৰু কাষত ৰাখিব নোৱাৰো ৷ যদি চাকৰিটো পাওঁ তেতিয়াহলে সেই বৃদ্ধ জনৰ পুত্ৰৰ দৰে ৰাতিখন অন্তত: এনেদৰে নপঠাও……৷ মাক- দেউতাকক সেইকণেই কৰিৱ নোৱাৰো চাকৰি কৰানো কি… …মনটো যেন তাৰ সেমেকি উঠিল ৷৷৷

✍🏾জ্যোতিষ্ক বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)