অথন্তৰ -জ্যোতিষ্ক বৰুৱা

©Admin
0
(নামৰূপ মহাবিদ্যালয়ত যোৱা ১৬ জুলাই ২০২৩ তাৰিখে সদৌ অসম লেখিকা সমাৰোহৰ নামৰূপ শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা "গল্প লিখন কৰ্মশালা"ত প্ৰশিক্ষক তথা জনপ্ৰিয় বিশিষ্ট উপন্যাসিকা আৰু গল্প লেখিকা শ্ৰীযুতা জুৰি বৰা বৰগোহাঁইৰ উপস্থিতিত আয়োজন কৰা গল্প লিখনিত লিখা এটি গল্প)

জন্মেজয়ে এইবাৰ ওচৰৰ গৌতম চলিহাক দেখি চাহ বাগান এখন কৰাৰ মন মেলিল ৷ অসমীয়াত এটা প্ৰৱাদ আছে --"দেখাক দেখি কুকুৰে মানে একাদশী ৷"  কথামতেই কাম ওচৰৰ গাওঁখনত বাস কৰা আদিবাসী লোকসকলক মাতি আনি বাৰীৰ বাঁহ,টকৌ গছ,তামোল গছ এমূৰৰ পৰা তহিলং কৰি কাটিৱলৈ ঠিকা লগাই দিলে ৷ বাৰীৰ সাত-আঠ বিঘা জুৰি থকা 
তামোলনী বাগিছাখনৰ প্ৰায় ছয় বিঘা মান প্ৰায় কাটি শেষ হবৰে হৈছেগৈ ৷ জন্মেজয়ৰ পত্নীয়ে বণুৱা সকলক জলপান দিৱলৈ গৈ দেখিলে যে বহু সংখ্যক টোকোৰা চৰাই তাইৰ মূৰৰ ওপৰে ইফাল-সিফাল কৰি ভয়ত চিঞঁৰি উৰি ফুৰিছে ৷ তললৈ চাই তাই দেখে যে  তামোল গছবোৰত বাহ সাজি থকা টোকোৰা চৰাইৰ বাহবোৰ ভাগি ছিগি নষ্ট হোৱাৰ লগতে পোৱালীবোৰ মৰি য'ত ত'ত সিঁচৰিত হৈ পৰাৰ লগতে পৰুৱাই যেন জুম বান্ধিছে ৷  তাই তেনেকুৱা দৃশ্য এটা প্ৰতক্ষ্য কৰি মনটো  ভাল নালাগিল ৷ ঘৰলৈ গৈ নিজৰ স্বামীক সকলো কথা কোৱাৰ লগতে বাকিখিনি তামোল গছবোৰ নাকাটি টোকোৰা চৰাইবোৰৰ আশ্ৰয়ৰ পাবে ৰাখি থৱলৈ ক'লে ৷

      কিন্তু স্বামী জন্মেজয়ে তাইৰ কথাত একেবাৰে নাকচ কৰিলে ৷ সাত-আঠ বছৰীয়া পুত্ৰৰ বাবে  গোটেই মাটিখিনিত 
বোলে সি চাহ পুলি লগাব ৷ চাহ বাগিছাৰ ধনেৰে চাকৰী নকৰিলেও খাৱ পৰা পৰিকল্পনাৰে বাগিছাখন গঢ়িৱ খুজে জন্মেজয়ে ৷ তাই আৰু স্বামীক সৈমান কৰাৱ নোৱাৰিলে ৷
     আনদিনাৰ দৰে তাই পুনৰ বণুৱা বিলাকক চাহ -জলপান দিবলৈ ওলোৱাত কম বয়সীয়া পুত্ৰই মাকক পিচপিনৰ পৰা মাত দিলে-- "মা মইয়ো তোমাৰ লগত যাম ৷"  মাকে সন্মতি দিয়াত লগতে যাৱলৈ ওলাল ৷
জন্মেজয়ে কাম কৰা ঠাইতে মানুহ বিলাকক কিবা কিবি ইফাল -সিফাল দেখুওৱাই আছিল ৷ দেউতাকক দেখাৰ মাত্ৰে সি দেউতাকৰ কাষলৈ লৰি গ'ল ৷ বুটলি পোৱা এটি টোকোৰা চৰাইৰ বাহ দেউতাকক দেখুওৱাই  এইটো কি সুধিলত দেউতাকে বুজাই দিলে ৷ সি চৰাইৰ বাহবোৰ ঘৰত ওমলিবৰ বাবে বুটলি ফুৰিৱলৈ লাগিল ৷ 
হঠাৎ তামোল এজোপা বাগৰি পৰাত মানুহবোৰৰ ভিৰ আৰু হুলস্থূলত জন্মেজয়ৰ চকু ঘূৰিল ৷ দৌৰি দৌৰি গৈ ঠাইডোখৰ পাওঁতেই যেন মূৰত আকাশী সৰগ খন ভাগি পৰিল ৷ পত্নীৰ হিয়া ভগা কান্দোনত ৷ জন্মেজয়ক দেখি তাইৰ কান্দোন দুগুন চৰিল ৷ কান্দি কান্দিয়েই জন্মেজয়ক কৱলৈ ধৰিলে " লোকৰ ঘৰ ভাঙি নিজৰ সুবিধা কৰিৱলৈ চাওঁতে যাৰ সুবিধা হৱ বুলি ভাৱিছিল সি আৰু নাই আজিৰ পৰা ৷" মূৰটোৰ সম্পূৰ্ণ অংশ চুৰমাৰ হৈ পৰা মৃত পুত্ৰৰ শৰীৰটো চুই যেন জন্মেজয় মৌন আৰু নিথৰ হৈ পৰিল ৷

সমাপ্ত 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)