আশাত বন্দী- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
ৰাতি ১২ বাজি পাৰ হৈ গ'ল।চিমি এতিয়াও শুৱা নাই। বিছনাতে বহি তাই কান্দি আছে।তাইৰ কান্দোন শুনি মাকে উঠি আহিল তাইৰ ওচৰলৈ।
::::::- চিমি কি হ'ল? কিয় কান্দি আছ? গা বেয়া লাগিছে নেকি?
:::::::- উমহো।
::::::::- এনেকৈ ৰাতি কান্দি থাকে নি।কি হৈছে কচোন।
::::::::- মনত পৰিছে।
::::::::- কালৈ।
::::::::- ভাইটিলৈ বহুত মনত পৰিছে মা।তাত বা সি কেনেকৈ আছে।কি কৰিছে।কি বা খাইছে।
:::::::- সি নিজে বুজি নাপালে।তই কান্দিলে জানো সি ঘূৰি আহিব। এনেকৈ কান্দি কান্দি নিজকে দুৰ্বল কৰি নলবি চিমি।
::::::: - মই নোৱাৰোঁ মা এনেকৈ। মই কিয় ইমান দুৰ্বল। মোৰ পৰা কিয় কথাবোৰ লুকুৱাই ৰাখিলা।
:::::::::- কথাবোৰ ক'লে তই জানো কষ্ট নাপাবি। মই তোৰ মা হয়। সকলো বুজি পাওঁ।
::::::::- কিন্তু মা...! এতিয়াও মই বহুত কষ্ট পাইছোঁ।নিজকে সংযত কৰিব পৰা নাই।
:::::::- মন বেয়া নকৰিবি। সকলো ঠিক হ'ব।
::::::::- উম আশাত বন্দী হৈ কিমান দিন মৰি মৰি জীয়াই থাকিম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)