দেউতা - নাছৰিণ চুলতানা

©Admin
0
বল্টুৰ দেউতাকৰ আজি এক বছৰ হ'ল পৰিয়ালটোক এৰি যোৱা। দেউতাকৰ ফটোখনত চাকি এগছ জ্বলাই অলপ সময় প্ৰাৰ্থনা কৰিলে।দেউতা নামৰ বটগছজোপা যাৰ নাই তেওঁহে বুজি পায়।পৰিয়ালটোৰ সমস্ত দায়িত্ব এতিয়া বল্টুৰ ওপৰত।বাৰ মাহেই বেমাৰে লগ দিয়া মাকজনীক লৈ তাৰ বৰ চিন্তা, এক মাত্ৰ সাৰথি হৈয়ে মাকজনী আছে,ভগৱানক প্ৰাৰ্থনা জনাইছে যাতে মাকজনী সদায় তাৰ ওচৰত সুস্থ হিচাপে থাকে।অভিশপ্ত যোৱা বছৰটোত তাৰ জীৱনৰ এটা মূল্যৱান মুকুতা হেৰুৱালে । যিয়ে সৰুৰ পৰা কঠোৰ পৰিশ্ৰম কৰি জীৱনটো পোহপাল দিছিল, কিন্তু বিধাতাই চাগৈ সেই সুখকণো সহ্য কৰিব নোৱাৰিলে দেউতাকক এই পৃথিৱীৰ পৰা লৈ গ'ল।দিনে নিশাই কথাবোৰে নিশাৰ টোপনি হৰি নিয়ে মনত পৰিলে বুকু খন খুন্দা মাৰি ধৰে। কেনেকৈনো সহ্য কৰিব পাৰে সেই অভিশপ্ত দিনটো। পুৱাৰ দৰে দেউতাকে সেইদিনাও পাচলিৰে ভৰ্তি চাইকেল খন লৈ গৈছিল। ওচৰৰ মানুহৰ পৰা গম পোৱা মতে ১টা ঘন্টা মান হৈছিল পাচলি বিকি আছিল হঠাতে তেওঁ ঢলি পৰিল।ওচৰৰে দুজনমান লোকে মূৰত পানী দিলে একো লৰচৰ নোহোৱাত ওচৰৰে চিকিৎসালয় এখনলৈ লৈ যাবলৈ প্ৰস্তুতি চলায় কিন্তু ভগৱানে তাৰ আগতেই তাক চিৰদিনৰ বাবে দেউতা নামৰ শব্দটোৰ পৰা নিঠৰুৱা কৰিলে।এটা কথাই তাৰ বেছি দুখ থাকি গ'ল জীৱনৰ অন্তিম মূহুৰ্তলৈকে দেউতাকে অবিৰতভাৱে কৰ্ম‌ই কৰি গ'ল।নিজৰ কথা চিন্তা নকৰি পৰিয়ালৰ সুখৰ বাবেই নিজৰ জীৱনৰ কথা নাভাবি কৰ্ম কৰি গ'ল,কিজানি মৰমৰ পোনাকণ লঘোণে থাকিব লগা হয়।আচলতে ল'ৰা হোৱাও সিমান সহজ নহয় যিমান মানুহে ভাৱে, ল'ৰাৰো চকুপানী ওলায় দুখ বোৰে ক'ব নোৱাৰাকৈয়ে চকুলোৰে চকুপানী হৈ দুধাৰে বৈ আহে।কষ্ট আৰু সংগ্ৰাম কৰি শেষ মূহুৰ্তলৈকে পৰিয়ালৰ কথা চিন্তা কৰাজনেই হৈছে দেউতা।পুৱাই উঠি কৰ্ম কৰি সন্ধিয়া ঘৰখনৰ বাবে খুদকণ মুঠি গোটোৱাজনেই হৈছে দেউতা।ভাগৰৰ কথা চিন্তা নকৰি দুখ কষ্ট সহ্য কৰাজনেই হৈছে দেউতা।দেউতা তুমি মহান। পোনা আহ আকৌ ভাত ঠাণ্ডাই হ'ল মাকৰ মাতত সি চক খাই গ'ল। ইমান সময়ে মানে সি ভাৱনাতে ডুব গৈ আছিল। 
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)