ধুমুহা বৰষুণৰ কালৰাত্ৰি- ক্ষীৰোদ মণি মহন

©Admin
0
কৰ পৰা আহিল জানো হঠাতে 
     ক'লা ক'লা ডাৱৰ লৈ
          এজাক ডাঙৰ ধুমুহা
লগতে আনিছে 
           এজাক বৰ ডাঙৰ বৰষুণ।
 হঠাতে কিয় জানো
       বৰ ভয় লাগিব ধৰিছে মোৰ 
আয়ে কৈছে
      বোপাই ও বাহিৰলৈ নাযাবিচোন
ইমান ডাঙৰ বৰষুণ দিছে 
      নেখেলিবিছোন বৰষুণত
  ম‌ই ক'লো - 
          হ'ব দে আই নেখেলো ।
আৰু কি হৈছে আইৰ জানেনে?
      ধুমুহা আহিলে মোৰ আইয়ে বৰ ভয় কৰে।
হুৰ-হুৰাই আছে ধুমুহাই
        ঘৰৰ কাষতে থকা সৌ
চতীয়না, তামোল, আম গছবোৰ 
             বৰকৈ লৰিছে ও।
আইয়ে বৰকৈ নাম লৈছে
         ভগৱান ৰক্ষা কৰা ,ৰক্ষা কৰা বুলি।
সেইযে নদী পাৰৰ মানুহবোৰ 
       ভাবকছোন এবাৰ আপুনিও 
টোপনি ৰ উঠিয়েই যেতিয়া
           তলত ভৰি দিবলৈ লয় ।
তেতিয়াই তেওঁলোকৰ সংস্পৰ্শত আহি 
         পানী মাথো পানী।
আৰু যে কেতিয়াবা তেওঁলোকে
      মাজনিশাই উঠি টালি টোপোলা বান্ধি
ওখ ঠাইলৈ দৌৰে।
      ভাবকছোন আপুনিও এবাৰ ।
সেই বিপৰ্যয়ৰ সময়খিনিৰ কথা 
        ভাবকছোন আপুনি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)