মহাকাব্য মহাভাৰত••পবিত্ৰ গায়ন

©Admin
0
খ্ৰীষ্টপূৰ্ব ৩০০০ বছৰৰ পূৰ্বে মহামুনি ব্যাসদেৱে ৰচনা কৰা মহাভাৰত পৃথিৱীৰ ভিতৰতে এখন সৰ্ববৃহৎ মহাকাব্য । যি খন মহাকাব্যত ধৰ্ম -শাস্ত্ৰ , ইতিহাস , দৰ্শন, ৰাজনীতি, সমাজনীতি, নীতিশাস্ত্ৰ সকলো বিষয়ৰ শিক্ষা পোৱা যায় । মহাভাৰত পৃথিৱীৰ ভিতৰতে এখন দীৰ্ঘতম কাব্য ।বদৰিকাশ্ৰমত থকা সময়ত তেওঁ তিনি বছৰৰ ভিতৰত এই মহাকাব্য মনতে ৰচনা কৰিছিল । পিছত তেওঁ ব্ৰহ্মাৰ আদেশ মতে কাব্যখন লিখিত ৰূপ দিবলৈ গণেশক অনুৰোধ কৰে । গণেশে অনুৰোধ ৰক্ষা কৰিলে যদিও এটি চৰ্ত্ত ৰাখে যে ব্যাসে অবিৰামভাবে শ্লোকবিলাক কৈ যাব লাগিব যাতে গণেশ লিখাৰ কাৰনে ৰৈ থাকিব নালাগে । ব্যাসে গণেশৰ ৰ্চত্তত মান্তি হৈ গণেশকো এটি ৰ্চত্ত দিলে যে তেওঁ অবিৰাম গতিতে শ্লোক কৈ যাব কিন্ত গণেশে তাৰ অৰ্থ ভালকৈ বুজিহে কাব্য লিখিব পাৰিব । তেনেদৰে দুয়ো ৰ্চত্তত মান্তি হৈ মহাকাব্যখন ৰচনা হ'ল । এক লাখ শ্লোকৰ সৈতে ওঠৰতা পৰ্ব্বত কাব্যখন সমাপ্ত হৈছে ।
       মহাকাব্য মহাভাৰতে চৰিত্ৰ সমুহে আমাক বহু কথাই শিকাই আহক কেইটামান চৰিত্ৰক এবাৰ চকু ফুৰাই চাওঁ ---------
# দ্ৰোপদীৰ দৰে অনুচিত ঠাইত হাঁহিব নালাগে ।
# কৰ্ণৰ দৰে দুষ্টৰ আশ্ৰয় ল'ৱ নালাগে ।
# দু:শাসনৰ দৰে নাৰীক অপমান কৰিব নালাগে ।
# দ্ৰোণাচাৰ্যৰ দৰে অৰ্ধ সত্যক বিশ্বাস কৰিব নালাগে ।
# দুৰ্য্যোধনৰ দৰে অহংকাৰী হ'ব নালাগে ।
# অশ্বথামাৰ দৰে অনিয়ন্ত্ৰিত হ'ব নালাগে ।
# যুধিষ্ঠিৰৰ দৰে জুৱা খেলিব নালাগে ।
# শকুনিৰ দৰে আনৰ সমন্ধত আউল লগাব নালাগে ।
# কুন্তিৰ দৰে অনুচিত প্ৰয়োগ কৰিব নালাগে ।
#ধৃতৰাষ্ট্ৰৰ দৰে পুত্ৰ মোহত পৰিব নালাগে ।
# গান্ধাৰীৰ দৰে অন্ধক অনুসৰণ কৰিব নালাগে ।
# ভীষ্মৰ দৰে অনুচিত প্ৰতিজ্ঞা কৰিব নালাগে ।

✍️পবিত্ৰ গায়ন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)