বনৰ বোন্দা
নাচোৰবান্দা,
নিগনি ধৰি
মৰাই ৰেন্দা।
২/
উৰা দেখি
এজাক মহ,
ম'হে বোলে
ইয়াতে বহ
৩/
মিতাই দিয়া
তিতাফুলকিটা,
চেনীৰে ভাজি
কৰিলোঁ মিঠা।
৪/
বৰষুণ পৰি
বেঙৰ ছাতি,
এফালে হ'ল
লাহেকৈ কাতি।
৫/
তীখৰৰ খৰ
খজুৱাই মৰ,
নেমু সানি
ধৰফৰ কৰ।
৬/
আউল লগা
চুলি এৰি,
বাউলে আছে
চাউল জাৰি।
৭/
সাউদৰ পুতেকে
মেলিছে নাও,
আহ, সবে উঠি
ফুৰিবলৈ যাওঁ।
৮/
জৰা টেঙা
পাই এখৰা,
তৰাৰ আজি
মন মৰা।
৯/
কৰণে আঁকে
ত্ৰিভুজৰ কৰ্ণ,
বৰণে ফলীত
লিখে বৰ্ণ।
১০/
ভুজ ভোজ
ভুল ভোল,
কোন কোণ
জোল জুল।
১১/
নিমাতী কইনা
আমাৰ মইনা,
ধানখিনি মেলে
হাতত লৈ ৰইনা।
১২/
চিকাই দিলে
এন্দুৰক শিকাই,
এদিনতে ধান
অঁতাব নিৰাই।
১৩/
মুখত সুমুৱাই
এখন গুৱা,
পুৱাই লাগিলোঁ
খান্দিব কুঁৱা।
১৪/
লেলপেল
পৰুৱাৰ লানি,
পানী ঢালি
নকৰিবা হানি।
১৫/
মাদৈক লগা
লালৈ-ভাদৈ,
পতিয়ে কিনে
বিক্ৰী কৰি দৈ।
১৬/
গঁড়ৰ ঘৰত
কাৰেণ্ট নাই,
গৰম কমাইছে
বিচনী ঘূৰাই।
১৭/
কুকুৰ খেদোতে
ভাঙিল লাখুটি,
এতিয়া সাৰথি
জেওৰা খুঁটি।
১৮/
পুৱাই কৰি
লাচনি-পাচনি,
আখৰাত ব্যস্ত
আমাৰ নাচনী।
১৯/
পৰুৱাক বাৰু
পাইনে পৰুৱাই,
ভাবিপোৱা
নাই বৰুৱাই।
২০/
গাঁৱৰ পথাৰত
কাটি ধান,
গাওঁ আমি
মনৰ গান।
✍️দিলীপ কুমাৰ শৰ্মা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ