বৰষুণ- মিন্টু গোৱলা

©Admin
0
ৰিম ঝিম বৰষাত
 তিতিবৰ মন যায় ।

বৰষাৰ টোপালৰ লগত 
মিলি যাবলৈ মন যায় 
জান-জুৰিলৈ ।

তিতিবৰ মন যায় 
এজাক আবতৰিয়া 
বৰষাৰ লগত, 
যত থাকে  সপোন ।

কেতিয়াবা যাবলৈ মন যায়
বৰষাৰ হিয়াৰ মাজত ,
বৰষাৰ হিয়াৰ মৰম ল'বলৈ ।

কেতিয়াবা আকৌ ভয় লাগে
বৰষাৰ হিয়াৰ টোপাল বোৰ যদি 
ভয়ংকৰ হৈ হিয়ালৈ নামি আহে ।

কি হ'ব বাৰু ?

সেই বাবে  বৰষাৰ লগত 
তিতিবলৈও ভয় লাগে ।
                       
✍️মিন্টু গোৱলা লখিমপুৰ কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)