আমি আমাৰ মানসিকতা আৰু বিচাৰধাৰা-জ্যোতিষ্ক বৰুৱা

©Admin
1
সমাজ জীৱনত প্ৰতিবেশী, বন্ধু-বান্ধৱ,ভাই-ভনী,মিতিৰ-কুটুমৰ মাজত  মাজে সময়ে আমি অলপ কথাতে সন্তুষ্ট আৰু কেতিয়াবা অসন্তুষ্টও হওঁ ৷ যি কোনো ক্ষেত্ৰত সন্তুষ্ট আৰু অসন্তুষ্টি মন এটি লৈ ঘূৰি ফুৰো ৷ নিজকে সহজ ভাৱে লৱ নোৱাৰিলেও আনক দেখুওৱাই সন্তুষ্টিৰ চৰিত্ৰত অভিনয় কৰি  ভিতৰি কিন্তু প্ৰৱল আত্মদংশনত জ্বলি থাকোঁ ৷  
আৰু কেতিয়াৱা বৰষুণত তিতি নিজৰ দুচকুৰ চকুপানী লুকুওৱাৰ ব্যৰ্থ চেষ্টাক কি নাম দিম বাৰু  ??
কেতিয়াৱা বিৱেকটো কোনোবাখিনিত বন্ধকত থৈ অবিবেচিত ভাৱে গুৰুত্বহীন কথাত বা কামত লাগি ধৰো ৷ নিজৰ ভুলবোৰৰ বাবে কেতিয়াৱা নিজক হাজাৰ বাৰ ক্ষমা কৰি দিলেও আনে যদি আমাৰ ওচৰত ভূল বা ক্ষতি কৰে তেন্তে যেন সেইজনৰ প্ৰতি ক্ষমাৰ প্ৰশ্নই নুঠে ৷ একপ্ৰকাৰৰ জাগি উঠে সেইজনৰ প্ৰতি প্ৰতিশোধ বা অপকাৰৰ ক্ৰুৰ চিন্তন ৷ 
নাম মাত্ৰ ধৰ্মক অনুসৰণ কৰি সমাজ,জ্ঞাতি, কুটুম্বক সাক্ষী কৰি ঈশ্বৰক সেৱা কৰাটোৱেই জানো মানুহৰ ধৰ্ম ৷ ধৰ্মৰ নামত ধাৰণ কৰিৱলগীয়া আচৰণ জানো মানুহৰ শৰীৰত আছে  ???  মানুহক দেখুওৱাই কৰা ভক্তি আৰু ধৰ্মক ধাৰণ কৰি আচৰণ কৰা ভক্তিৰ পাৰ্থক্যটো জানো মনুষ্যই ভেদ কৰিৱ পাৰিছে  ?
ত্যাগ আৰু সমৰ্পিত ৰূপত সেৱা মূলক কামবোৰক মানুহে আজিকালি সময় দিয়া বুলিহে ভাৱে ৷ নিজৰ ঘৰখনৰ বাবে ভকত, বৈষ্ণৱ,জ্ঞাতি,সমাজক মাতি কৰা বিষ্ণু যজ্ঞ বা অনুষ্ঠানৰ সকলো মাংগলিক কাৰ্যত লগা প্ৰসাদ, আহাৰ ভকতক ৰাইজক দান আৰু খুওৱা বুলিহে দম্ভতা কৰা দেখা যায় ৷ 
কেৱল নিজৰ বাবে, নিজৰ পৰিয়ালৰ কল্যাণৰ বাবেহে ঈশ্বৰক প্ৰাৰ্থনা কৰে সমাজ তথা  সকলো জীৱকূলৰ বাবে ঈশ্বৰৰ ওচৰত কোনো মনুষ্যই চাগে প্ৰাৰ্থনা নকৰে ৷
এই পৃথিৱীত নিজকে জীৱশ্ৰেষ্ঠ ৰূপত আমাৰ দৰে মনুষ্যই একমাত্ৰ স্বাৰ্থপৰ প্ৰাণী ৷ ঈশ্বৰক নাম মাত্ৰ সেৱা আৰু ভক্তি কৰা নিজ মানৱ কুলৰ মাজতে প্ৰীতি নথকা আৰু অন্য জীৱৰ প্ৰতি দৰদ নথকা একমাত্ৰ প্ৰাণী ৷  মনুষ্যই মনুষ্য কুলৰ মাজতে উৎপত্তি হোৱা দন্দবোৰ নিস্পত্তিৰ সমাধান নাই ৷ বেদ,ভাগৱত,সকলো ধৰ্মৰ মাজতো নাম ৰস,সেৱা ৰস, ভক্তিৰ ৰস সেৱন কৰিও কৰ্পূৰৰ দৰে সেইবোৰৰ পৰা মনটোক অংকুশ লগাৱ নোৱাৰি পুণৰ ক্ষণে ক্ষণে খং,ৰাগ,বিদ্বেষ,প্ৰতিশোধ, হিংসা,লোভ মোহ'ৰ আশ্ৰয়ত সংযমৰ পৰা অসংযমী ৰূপ ধাৰণ কৰে ৷ মনুষ্যই মনুষ্যত্বৰ সত্ত্বা আজিও বিচাৰি পোৱা নাই ৷ ঈশ্বৰীয় কাৰ্যত শৰীৰ ৰূপী অৱয়বত থকা মন সাগৰত দেৱৰূপী বিবেক আৰু অসুৰ ৰূপী আবেগৰ মন্হনত উৎপন্ন হোৱা বিচাৰ,বুদ্ধি,জীৱত্মা,আত্মা,পৰমাত্মা,
উপলব্দিৰ চৈতন্যতাক এৰি অসুৰ ৰূপী আবেগক প্ৰশয় দি জড় ৰূপী চেতনাৰ সাগৰতেই মনুষ্য যেন সদায় ডুব গৈ থাকে ৷ 
মনুষ্যই মনুষ্যৰ মাজত জয়-পৰাজয় মাজত পৰাক্ৰমীতাৰ অহংকাৰৰ জুইত এক প্ৰতিযোগীতাহে যেন সদায় চলে ৷ পৃথিৱীৰ সকলোতে নিজৰ অধিপত্য আৰু স্থানৰ লালসাত জড় ৰূপী ভোগ বিলাসৰ সামগ্ৰীকে স্থাৱৰ ভাৱি চৈতন্য যেন ধাৰণ কৰি নিৰ্ৱলীৰ ওপৰত বীৰত্ব আৰু অহংকাৰহে প্ৰদৰ্শন কৰে ৷ প্ৰকৃত সত্য আৰু চৈতন্যৰ চেতনা পাৱলৈ যেন মনুষ্যৰ এতিয়াও বহুত বাকী ৷

✍🏾  জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment