ভোগৰ ভোগালী ✍️জ্যোতিষ্ক বৰুৱা

©Admin
0
এজাক সুবিধাবাদীৰ ভোগালীৰ সময় এইয়া,
পাবত গজা বৰমূৰীয়াৰ
ভোগৰ প্ৰাণৰ ভোগালী ,
ধন যাৰ ভাগ্যৰ গৰাকী সি,
ভাগ্য যাৰ সৌভাগ্য তাৰ,
সৌভাগ্য যাৰ ক্ষমতা তাৰ,
বচন তাৰ,
সন্মুখৰ আসন তাৰ,
আদেশ তাৰ,
পুন্যৰ পূথিৱীত নাই যোগ্যজনৰ আসন,
সেইবাবেই চাগৈ 
জনতাৰ ক্ষোভ কমা নাই ,
খং কমা নাই ,
ৰাজনীতি কমা নাই ,
দুৰ্নীতি কমা নাই ,
প্ৰতিবাদ কমা নাই ,
নাই আৰু নাই নাই নাই ,
প্ৰতিবাদী কন্ঠকো
কেতিয়াবা ,
শেষ কৰিম বুলিও 
সকিয়াই থৈ যায় ॥

✍জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম ৷
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)