২৪ জুলাই••আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
"২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।

ঘটনাৱলী--

১২০৬ - কুটুবউদ্দিন আইবাকে লাহোৰৰ সিংহাসনত আৰোহণ কৰে।
১৯৮৩ - প্ৰখ্যাত সাহিত্যিক মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
১৯৮৫ - ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।
১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী গুলজাৰিলাল নন্দা আৰু অৰুণা আছফ আলিলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
১৯৯৭ - সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।
২০০০ - সুব্বাৰামন বিজয়লক্ষ্মী গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা হয়।
২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে শপত গ্ৰহণ কৰে।
২০২১ - মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে টকিঅ' অলিম্পিকত (Tokyo Olympic) ভাৰোত্তোলনৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকে। 

জন্ম--

১৮০২ - আলেকজেণ্ডাৰ ডুমা, ফৰাচী ঔপন্যাসিক।
১৮৯৭ - আমেলি ইয়াৰহাৰ্ট, আমেৰিকান মহিলা বৈমাণিক। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
১৯১১ - পান্নালাল ঘোষ, ভাৰতীয় বাঁহীবাদক।
১৯৫২ - ৰঞ্জু হাজৰিকা (কুমুদ চন্দ্ৰ হাজৰিকা), অসমীয়া ঔপন্যাসিক।
১৯৬৯ - জেনিফাৰ ল'পেজ, আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
১৯৮০ - আগথা চাংমা, ভাৰতীয় ৰাজনীতিক।

মৃত্যু--

১৮৮৩ - কেপ্তেইন মেথিউ ৱেব, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি।
১৯৭৪ - জেমছ ছেডউইক, নোবেল বিজয়ী (১৯৩৫) ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু নিউট্ৰণৰ আৱিষ্কাৰক।
১৯৮০ - উত্তম কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ।
১৯৯১ - আইজাক বাচেভিচ্ চিংগাৰ, পোলেণ্ডবংশী ইহুদী-আমেৰিকান লেখক।
" চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ।
১৯৯১ - আইজাক বাচেভিচ্ চিংগাৰ, পোলেণ্ডবংশী ইহুদী-আমেৰিকান লেখক।
২০০৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।

দিৱস--

ভাৰতৰ ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস। (ইংঃ National Thermal Engineer Day)
ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
শিশু দিৱস (ভানুয়াটু)

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)