প্ৰাপ্তিৰ আকাংক্ষাত
মই নিজকে নিজেই জোকাই চাও
মোৰ অৱচেতন মনটোক
ভাব বিনিময় কৰোঁ
মোৰ ঘ্ৰাণ শক্তি নিশ্বাস অনুভুতি
চুই চাব খোজে শতবাৰ।
কিবা এটা প্ৰাপ্তিৰ আকাংক্ষাত
খুলি ৰাখিছোঁ
হৃদয়ৰ দুৱাৰ খিৰিকী
এবুকু সেউজ সন্তান
জন্ম দিয়াৰ বাসনাত
উজাগৰী ৰাতি অকলশৰে
এসোঁতা যেন সুকোমল বতাহ
সেউজীয়া পলসুৱা বোৰত
খুলি ৰাখোঁ খিৰিকীৰ শলখা।
আহিবনে তেনে সুদিন
সচাই ধন্য হ'ব মোৰ
সুবিশাল হৈ পৰে
আশাবাদী ভাগৰুৱা মন।
মাতৃত্বৰ অনুভৱৰে এবুকু সেউজ সন্তান
জন্ম দিয়া একুলা দুকলাকৈ বাঢ়িব ধৰে
সঁচা জীৱনৰ সুন্দৰ আকাংক্ষাবোৰ।
✍️দেৱযানী পূজাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ