ওলত পালত - উৎপল দাস

©Admin
0
ব্যস্ততা পৃথিৱীত বস্তুবাদি বসনাই হাঁহিবোৰক হৰণ কৰিলে ।

মাতষাৰ ক'ত গ'ল, গোমোথা মুখবোৰ দেখি ভাল নলগা হ'ল ।

অলপ কথাতে বিভেদৰ লগত মিতিৰালি হ'ল, চিনাকী মানুহবোৰ অচিনাকী হ'ল ।

স্বাৰ্থ নথকাকে মিতিৰালী কাৰো লগত নোহোৱা হ'ল, সময়ৰ সোঁতত সিঁহত
সকলোবোৰ আতৰি গ'ল ।

ধৰ্মক ৰাজনীতিয়ে নিয়ন্ত্ৰণ কৰিবলে ধৰিলে । ভয়ক একাষৰীয়া কৰিলে হিংসায়ে মনত কৰিলে বাস ।

সমাজনীতিয়ে সমাজক সৰু সৰু  গোটত ভাগ কৰিলে, তাতো সোমাল কুটনীতি, সেইহে এচাম মানুহ হ'ল অকলশৰীয়া ।

মনৰ মিল নথকা কাৰণে ক'ত যে ওলত পালত হ'ল খং অভিমান বেছি হ'ল ।

যান্ত্ৰিকতাৰ অলৰ অচৰ সিধান্তই , মানুহবোৰ অনিয়ন্ত্ৰিত হ'ল  ।

সকলোবোৰ ওলত পালত হ'ল, স্থিৰতা প্ৰাকৃতিক পৰিবেশ সকলোবোৰ নিয়ন্ত্ৰিত হ'ল, সেইহে প্ৰকৃতিক
পৰিবেশ সংৰক্ষণ কৰাৰ বহুত প্ৰয়োজন হ'ল ।

        ✍️উৎপল দাস
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)