ক্ষীণ,ওখ,বগা,মৰমলগা ডেকাটি
সলনি কৰি দিছিল সচাই মোৰ জীৱন
লাহে-লাহে দিঠকত পৰিণত হৈছিল সপোনটি।
মোৰ বুকুৰ সি এবকলা
'জ্যোতি' যাৰ অৰ্থই পোহৰ,
সকলো পাহৰি গৈছিলো অতীত
জীৱনটো হৈ পৰিছিল সুখৰ।
২০২২ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰথম লগপোৱা
ডিব্ৰুগড় জগন্নাথ মন্দিৰত,
কথা দি কথা ৰাখিছিল তেওঁ
১৭ ফেব্ৰুৱাৰীত অৰ্ধাংগিনী হৈ গৈছিলো তেওঁৰ জীৱনত।
সকলো খৰধৰ হৈছিল আমাৰ😊
এদিন দুদিন কৰি দিনবোৰ পাৰ হব ধৰিলে,
আগুৱাই গৈছিলো আমি
অকমান সুখ,অকমান দুখৰ সমভাগী হৈ।
২০২৩ চনৰ ২০ মে,মোৰ আটাইতকৈ প্ৰিয়
দুয়োৰে মৰম-নেদেখা জনৰ আশীৰ্বাদত
সেইদিনাই আহিছিল ন-আলহী আমাৰ জীৱনলৈ।
আছিল,আছে আৰু সদায়ে থাকিব
তোমাৰ-মোৰ মৰম-ভালপোৱা(জ্যোতি)
সদায়ে থাকিব আমাৰ লগত
আমাৰ মৰমৰ সাক্ষী হৈ
মৰমৰ মইনা(অৰূপজ্যোতি)।
✍️বৰষা বৰুৱা দাস
গাঁও: গড়মৰা চাপৰি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ