এজাক প্ৰেমৰ বৰষুণ-নিজৰা বৰ্মন ডেকা

©Admin
0
এজাক প্ৰেমৰ বৰষুণৰ বৰ প্ৰয়োজন
মোৰ শুকান মৰুৰ হৃদয় জীপাল কৰিবলৈ।
সময় বেলিঘড়ীৰ পিছত দৌৰি থাকোঁতে
পাৰ হৈ গ'ল বহুতো বসন্তৰ বা ।
পাহৰিলোঁ প্ৰেমৰ A B C D
আজি পিছে বাজিছে প্ৰেমৰ প্ৰতিধ্বনি।
জীৱনৰ মধ্য বেলাত প্ৰেমৰ বৰষুণ জাকে
কিনো বাৰু কৈ যায় কাণে কাণে ।
হৃদয় জীপাল কৰা প্ৰেমৰ বৰষাই
আজি মোক কৰিছে দিশহাৰা ।
আহিবনে নামি তোমাৰ নিৰ্মল প্ৰেমৰ বৰষা
ৰৈ আছোঁ মই বুকু পাতি ল'বলৈ।
মোৰ অনুৰ্বৰ হৃদয়ত তোমাৰ প্ৰেমৰ বৰষা
যাবগৈ নিৰৱধি বৈ ।
এবুক আশাৰে ৰৈ আছোঁ মই
প্ৰেমৰ বৰষুণ জাক  আহিব বুলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)