বতৰে সজায় নতুন পৰিৱেশ,
কুলি-কেতেকীয়ে মাতে বসন্ত কালত;
ব'হাগৰ মলয়া বা বলে মনৰ মাজত ।
ঢোল,পেঁপা,গগণা বাজে ,
ৰাংঢালী গাভৰুৱে উৎসৱত নাচে।
কপৌফুলে ৰিঙিয়াই ,
ভাটৌফুলে সপোন দেখুৱাই,
কুঁহিপাতে বিলায় মৰম
কৃষ্ণচূড়া ফুলে আৱেগ নিগৰায় ,
প্ৰেমভৰা অনুভৱে মন সলায়।
গ্ৰীষ্ম বৰ্ষাৰ সেউজীয়া ধৰণি,
এজাৰ ফুল জেঠত শুৱনি ।
গ্ৰীষ্মৰ তাপে কন্দুৱাই,
বৰ্ষাৰ প্লাৱনে ঘৰবাৰী নিয়ে উটুৱাই ।
খেতিয়ক ব্যস্ত আহাৰ শাওনৰ পথাৰত,
গৰৈ পুঠি খলিহা কাৱৈ টিলাৰ নৃত্য
বাঢ়ণী পানীত।
কেঁকোৰাই মূৰ তুলি চায়,
এদেও দুদেও কৰি গাঁতৰ পৰা ওলায়।
দ'ৰিকণাৰ ধেমালি পানীজুৱলীত,
বগলীয়ে জোপ লয় মুকলি পথাৰত।
গঙ্গটোপৰ ভেম খহে শাওণ মাহত,
ভূঁইৰোৱা পথাৰ শুৱনি ।
জোকে কলাফুলৰ তেজ বিচাৰি খায়,
আমোলমোল পকা কঁঠালৰ গোন্ধ,
মেঘাচ্ছন্ন আকাশ
বিজুলী ঢেৰেকনিয়ে কঁপাই বুকু,
মুষলধাৰে সৰে বৰষুণ ,
নদী ওফন্দি পৰে
প্লাৱনে উতুৱাই আনে শামুকৰ খোলা
সোঁতে লুটিয়াই নদীৰ বালি
পানীমেটেকা উটি ভাহি
খাল বিলত বিচাৰে মৰম ।
বুধবৰীয়া হাটৰ হালোৱা বলধ,
পিতায়ে কিনিছিল বাৰিষাৰ আগত ।
নাঙল,মৈ,যুঁৱলি
খেতিৰ সঁজুলি
যুগুতাই ৰাখিছিল খৰালি কালত ।
কঠিয়াৰ ধান বাঁহৰ টোমত ,
ভলুকা বাঁহৰ এচাৰি হালত,
ভুঁই ৰোৱে আহাৰ শাওণত।
আধুনিক পৰশে সলালে সময়
পিতাইৰ সপোন মৰহি শুকাল
বলধৰ হাল নাইকিয়া হ'ল
হালোৱা এচাৰি এলাগি হৈ ৰ'ল।
নাঙল-যুঁৱলিৰ চিনাকি হেৰাল,
টকৌপাতৰ জাপিও কমিল,
ধানৰ প্ৰজাতিয়ে ৰূপ সলালে
আধুনিক কৃষিৰ সজুলিয়ে
দখল কৰিলে শাওণৰ ভূঁইৰোৱা পথাৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ