চৌবিশ ঘণ্টা- হৃদয় কৌশিক

©Admin
0
কাল্পনিক চহৰলৈ ফুৰিবলৈ আহিছিলোঁ লগৰ এজনৰ লগত।
ফুৰিব বুলি ক'লে আচলতে ভুল হ'ব। লগৰজনে তাৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ আহিছে আৰু মোক লগত লৈ আহি কাল্পনিক চহৰৰ বাটৰুৱা কৰি গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিবলৈ গ'ল।

অকলে ইপিনৰ পৰা সিপিনলৈ ঘূৰি ফুৰি চাহ একাপ খাওঁ বুলি ফুটপাথৰ দোকান এখনলৈ গৈ ক'লো--
- দাদা, চাহ একাপ দিয়ক।
- ৰ'ব, বনাই দিও।
- ঠিক আছে। চিগাৰেট আছে ন ?
- ওম আছে।
- গল্ড ফ্লেগ এটা দিয়ক।

চিগাৰেটটো জ্বলাই ওচৰতে থকা বেঞ্চখনত বহি ললো।

অলপ পিছতে দোকানীজনে ক'লে,
- দাদা আপোনাৰ চাহ।
- অহ লৈছো।

মই ক'বই নাপালো মোৰ চাহৰ কাপটো এজনী ছোৱালীয়ে লৈ ক'লে---
- তেওঁৰ কাৰণে আৰু একাপ বনাই দিয়ক। এইকাপ মই খাওঁ।

মই তাইলৈ ঘূৰি চোৱাত তাই ক'লে---
- sorry, মোৰ দেৰি হৈছে। পৰীক্ষা আছে। চাহ একাপ খাব নাপালে একো ভালেই নালাগে।
- ঠিক আছে খোৱা।

গৰম চাহ কাপ ফুৱাই ফুৱাই তাই দৌৰা দৌৰিকৈ খাই গুচি গ'ল।
পিচৰ পৰা দোকানীয়ে মাত লগাই থাকিল,
- ভন্টি চাহৰ পইচা…

- বহুত দৌৰা দৌৰিত আছে চাগে তাই, পাহৰিয়েই গ'ল পইচা দিবলৈ। হ'ব দিয়ক মই দি দিম।
- আপোনাৰ চিনাকি নেকি?
- নাই নহয়।
- আপোনাৰ ভাগৰ চাহ কাপো খালে আৰু পইচাও আপোনাৰ পৰাই ভৰালেচোন তাই?
- হওঁক দিয়ক। কেতিয়াবা এনেকুৱা হৈ যায়।
- ওম। লওঁক আপোনাৰ চাহ কাপ।

চাহ কাপ খাই আকৌ বেকাৰ মই ৰাস্তাৰে ঘূৰি ফুৰি গৈ এখন কলেজৰ গেট পালো। 

তাত এটা জিৰণী কোঠা দেখি বহিলো বহুত সময়লৈ।

আমনি লাগিব ধৰিছে, লগৰজনৰো একো খবৰেই নাই। ফোন কৰি আছো, ৰিচিভেই নকৰে।

আৰু কৰবালৈ যাওঁ বুলি ওলাইছিলোঁহে,
কলেজৰ গেটখন খুলি সেই ছোৱালীজনি ওলাই অহা দেখি ৰৈ দিলো।

তাই মোক দেখি ওচৰ চাপি আহি ক'লে---
- follow কৰিছে যে, কাৰণ কি?
- follow নাই কৰা।
- তেন্তে মোৰ কলেজ আহি পালে যে?
- মইনো কেনেকৈ জানো এইখন কলেজতে তুমি পঢ়া বুলি?
- বাহানাটো বেলেগ দিব লাগিছিল। কলেজৰ ড্ৰেছজোৰতেই চিনি পাইচোন।
- পিচে মই চিনি নাপাও। কাৰণ মই ইয়াৰে নহয়।
- অহ। তেন্তে ইয়াত কি কৰিছে?
- ইফালে সিফালে ঘূৰি ফুৰি আমনি লাগিছে বাবে ইয়াত বহিছোহি।
- সঁচাইতো ?
- sorry ইয়াৰ একো প্ৰমাণ দিব নোৱাৰিম।
- ঠিক আছে নালাগে দিয়ক।

তাই গুচি গ'ল। আৰু মই ওলাই গলো ৰাস্তাৰে ফুৰিবলৈ বুলি।

ভোক লাগিল ঘূৰি ফুৰি হোটেলত কিবা খাই লওঁ বুলি ওচৰতে থকা হোটেল এখনত সোমায়েই দেখিলোঁ ইয়াতো তাই বহি আছে।

আকৌ তাই কিবা ক'ব বুলি ওলাই আহিব খোজোতেই মাত লগালে---
- অ' হেল্লো--
- ভোক লগাৰ বাবেহে আহিছোঁ।
- ইয়াত সকলোৱে ভোক খেদিবলৈয়েই আহে। পিছে আপোনাৰ ভোক কিহৰ?
- মানে?
- একো নহয়, বহক। খাই যাওঁক কি খাবলৈ আহিছে।

খাবলৈ বহুতেই লগজনে ফোন কৰিলে,
- আবে ক'ত তই?
- তই ক'ত?
- মই হোটেল এখনত সোমাইছো কিবা খাবলৈ।
- ৰহ, ময়ো গৈ আছো, লোকেশ্যনটো দে।

আধা ঘন্টা মানৰ পিছত সি আহি পালে।
এতিয়ালৈ তাইৰ চাগে খোৱা হ'ল। যাব ওলাইছিল তাই,

যাওঁতে মোক মাত লগাই ক'লে---
- sorry, মইহে ভুল বুজিছিলো।
- অ'কে।

তাই গুচি গ'ল। এইবাৰ আকৌ লগৰজনে মোক ধৰিছে,
- কোন অ' এইজনী? ইমান ধুনীয়া ছোৱালী।
- নাজানো, মই চিনি নাপাওঁ।
- চিনি নোপোৱাকে তোক মাত লগালে নে? আৰু sorry কিহৰ বাবে ক'লে?

তাক গোটেই কথাখিনি কোৱাৰ পিছতহে শান্ত হ'ল সি।

সন্ধিয়াই হ'বৰ হ'ল। ঘৰলৈ উভটি যোৱাৰ সময়।

ৰেলৱে ষ্টশ্যনৰ ৱেইটিং ৰুমত বহি আছোঁ।
আকৌ তাই আহি মোৰ ওচৰতে বহি ল'লে।
মই তাইলৈ চোৱাৰ লগে লগে তাই দীঘলীয়া উশাহ এটা লৈ ক'লে---
- বুজিলো, আপুনি মোক follow কৰা নাই। আজিৰ আমাৰ luck টোৱেই আমাক বাৰে বাৰে মিলাই আছে।
- তাকেই ভাবিছো।
- so, আপোনাৰ নাম?
- হৃদ্বীপ বড়া।
- মই মনালিচা।
- অ'হ।
- ক'লৈ যাব?
- কাল্পনিক চহৰৰ শেষ ষ্টেশ্যনলৈ।
- আৰু মই তাত আগতে পোৱা ষ্টেশ্যনলৈ।
- অ'হ।

 আধৰোৱাকৈ চিনাকি হ'লো তাইৰ লগত। খোলা মনৰ ছোৱালী। হয়তো বৰ সহজে মানুহক আপোন কৰি ল'ব জানে তাই।

ট্ৰেইনটো একেখন চিটতে বহিলে মোৰ লগত। আৰু গোটেই ৰাস্তাতে কিবা কিবি কৈ কৈ আহি থাকিল।

তাইৰ যাত্ৰা শেষ হোৱাত তাই ট্ৰেইনৰ পৰা নামি গ'ল। আৰু এতিয়াহে মোৰ এনে লাগিছে যেন চিনাকি কোনোবাক হেৰুৱাই পেলালোঁ হঠাৎ।

ধেৎ তাইৰ প্ৰতি কিবাচোন আকৰ্ষণ জাগিব ধৰিছে মনত।

লাহে লাহে কিবা যেন দুখ লাগিব ধৰিছে।
আফচুছ লাগিছে, কিয় তাইৰ ফোন নম্বৰটো নুখুজিলো মই?
তায়েই নেকি মোৰ অকলশৰীয়তাৰ লগৰী?

গোটেই ৰাতিটো তাইৰ কথা ভাবি ভাবিয়েই পাৰ হ'ল। টুপনিটোও যেন কাঢ়ি লৈ গ'ল তাই।

তাইৰ চেহেৰাটোলৈ মনত পৰিব ধৰিছে।
আকৌ লগ পাম নে তাইক কেতিয়াবা?

মনত বহুত খেলিমেলি জাগিব ধৰিছিলহে।
ফেচবুকটো খুলি দেখিলো,
তাই মোলৈ friend request আৰু এটা massage request পঠিয়াই থৈছে।

Friend request accept কৰি মেচেজটো খুলি পঢ়িলোঁ।
"যোৱা ৰাতিটো টোপনি নাহিল অ'। কিয় জানো আপোনা আপুনি চকুত ভাহি থাকিলে। মনত নেপেলাবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ। ৰাতিপুৱা তাইৰ নামটো মনত পেলাই ফেচবুকত আপোনাক বিচাৰিবলৈ আৰম্ভ কৰিলো। ১ ঘন্টা লাগিল যদিও কাল্পনিক চহৰত বাৰে বাৰে মুখামুখী হোৱা মানুহজনীক বিচাৰি নোপোৱাৰ কথাই নাহিল।

নাজানো তাই মোক কি কৰিলে? 
কিন্তু কিবা এটা যে কৰিছে সেইটো খাটাং।
মোৰ নম্বৰটো দি দিছো, মেচেজটো পালে এবাৰ ফোন এটা কৰিব দেই। তথাপি আছোঁ আপোনাৰ লগত এবাৰ কথা পাতিবলৈ।"

নম্বৰটোত লগে লগে ফোন কৰিলোঁ।
তাই ৰিচিফ কৰিয়েই ক'লে---
- Wow, finally?
- কি?
- ২৪ ঘন্টাৰ পিছত আপোনাক ফোনত অবশেষত লগ পালো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)