মন যায়- শৰ্মিষ্ঠা বৰা

©Admin
0
মই বাৰু সাঁচি থ'ম !
তুমি দিয়া ঠিকনাটো ...
কোনোবা দিনা যদি মিলে ,
ব্যস্ত জীৱনত , 
কেতিয়াবা যদি আজৰি পাওঁ ,
যাম আকৌ তোমাৰ কাষলৈ ।
অভিলাষৰ হেঁচাত যদি হৃদয় ভৰ‌পূৰ হয় ...
যান্ত্ৰিকতাৰ আচোঁৰত ! যদি আঘাতো পাওঁ ,
ঘা শুকালেই যাম দিয়া,আকৌ তোমাৰ কাষলৈ ।
ল'ৰালি অ'....
বৰ মনত পৰে তোমালৈ !
সোণোৱালী পোহৰত জিলিকি উঠা পাতবোৰৰ 
মাজে মাজে বিয়পি ,
আকৌ বতাহ হ'ম ।
ৰূপোৱালী জোনাকত নিয়ৰ হৈ নামি ...
বৈ পৰিম , জিলিকি উঠা জুৰিটি হৈ ।
বহু দিন হ'ল ...
বৰষুণ জাকক কাষৰ পৰা পোৱা নাই !
চেঁচা চেঁচা বতাহ জাকে দুগাল চুমি যোৱা নাই !
বহু দিন হ'ল ...
তিতা নাই মন ভৰাই বৰষুণ জাকত !
চোতালত বৰষুণৰ ধেমালিবোৰ চোৱা নাই ।
কেইবাদিনো হ'ল মই ডায়েৰী খনেই খোলা নাই ...
মনে বিচৰা দিগন্তত বিয়পি ,
সংজ্ঞা বিচাৰি যোৱা নাই ।
মন যায়... পিছে এতিয়া নোৱাৰিম ।
যাম দিয়া,পাছত এদিন !
সেউজীয়া পাত হৈ ,
ৰঙা-নীলা ফুল হৈ ,
কেতিয়াবা ৰ'দ হৈ ...
কেতিয়াবা বৰষুণ হৈ ।
কোনোবা দিনা যদি মিলে ,
অভিলাষৰ হেঁচাত যদি হৃদয় ভৰ‌পূৰ হয় ...
আকৌ যাম ল'ৰালি লৈ !
মই বাৰু সাঁচি থ'ম !
তুমি দিয়া ঠিকনাটো ...।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)