জাগা দ্ৰুপদী, নাহে গোবিন্দ আজি-পঙ্কজ ৰবিদাস

©Admin
0
জাগা দ্ৰুপদী ভাৰত নন্দিনী।                                 নহবা দূৰ্বল অতি, হৈ কাৰো পুতৌৰ পাত্ৰী।।  
দেহৰ আৱৰণ নিজে চম্ভালা, 
ধৰি ৰণচণ্ডী মূৰ্তি।  
লাজ বচাবলৈ নাহে যে কোনো গোবিন্দ আজি।। চল কপতেৰে আজি মহাভাৰত  আছেহি ভৰি।ঘৃণাৰ মন্ত্ৰবীজ সিঁচি, 
নেতাই কৰে ৰাজনীতিৰ খেতি।।                            ৰাজগাদীত আজি ধৃতৰাষ্ট্ৰ নৃপতি।                  কাষত মন্ত্ৰনাদাতা হেজাৰ শকুনি।।            
তাতে আজি অন্ধ নৃপতি,                              শ্ৰৱণহীন হ'ল তাৰ উপৰি।।                                 সেয়ে হ'লেও হেজাৰ হত্যা -ধৰ্ষণ।                       ৰজাই নেদেখে, নুশুনে কাৰো ক্ৰন্দন।।
জাগা দ্ৰুপদী ভাৰত নন্দিনী। 
  নহবা অৱলা, নহবা পুতৌৰ পাত্ৰী।।                   দুশাসনে নুবুজে কোনো অৱলাৰ উচুপনি। 
সেয়ে নকৰিবা সহায় ভিক্ষা কৰি মিনতি। 
সেয়ে আজি, জাগা দ্ৰুপদী ভাৰত নন্দিনী।       বজায় ৰণ দুন্দুভী তুমি, হোৱা দুৰ্গা -কালী।।
জাগা দ্ৰুপদী মহাভাৰত নন্দিনী।                             লাজ বচাবলৈ নাহে যে গোবিন্দ আজি ।।       



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)