কণ কবিতা-দিলীপ কুমাৰ শৰ্মা

©Admin
0
১/
কানাই চোৰৰ
কাম-বন নাই,
ঘূৰিকে ফুৰে
অনাই-বনাই।

২/
ননী আজি
নাই ঘৰত,
কণী খাই
মাৰিছে কৰত। 

৩/

বেঁকীৰ পাৰত
ফুতি ঢেঁকী,
চাহ খাইছোঁ
বাটিত ছেকি। 

৪/
বাটৰ কাষত
শাৰীকৈ পাতি,
ৰাতি জ্বলাও
মাটিৰ বাতি ।

 

৫/
পৰী আমাৰ
বৰ অপৰিপাটি,
য'তে-ত'তে এৰে
চেণ্ডেল-ছাতি 



৬/ 
ক'লীয়াই পাৰি
আম দলিয়ায়,
খাইছে আৰামত
ছুৰীৰে চকলিয়াই । 

৭/
জুৰিয়ে কৰি
ছুৰী চুৰি,
পিঁয়াজ কাটি 
খাইছে মুড়ি।

৮/

ইফাল সিফাল
ঢেঁকীশাল চোতাল,
পাকঘৰত আছে
কামযে এগাল। 

৯/
চাহ কাপ
কৰি পাণ,
জানে পাৰে
এমুঠি পান।

১০/
বোন্দাই ধৰি
নিগনি একুৰি,
গুচাব দিছে
চকুৰ ফেচকুৰি।

১১/
আদা বেপাৰীক
জাহাজৰ খবৰ,
দিবলৈ নকৰ
অলপো খৰধৰ।

১২/
খুলি দুৱাৰৰ
দুডাল খিলি,
ঘৰৰ বাহিৰ
ওলাল মিলি।

১৩/

মেঘৰ বৰণ
হ'লে শুকুলা,
শৰৎ আহিল
বুজিবি বুলা। 


১৪/

এবেগেতীয়া আহি
বৰকৈ বেগেৰে,
বাটতে পৰিল
মালৰ বেগেৰে। 

১৫/

গোলোকৰ পেণ্ট
থোলোক-ঢোলোক,
তাতো লাগি আহে
বাটৰ চিনা-জোক।

১৬/

চিনা-জনা নহয়
চীন দেশৰো নহয়,
তেও চিনা-জোকক
কিয় সি বুলি কয়? 

১৭/

চকীতে বহি
ৰচকী পখিলাই,
ফুলবোৰ দিলে
সবকে বিলাই। 


১৮/
ত্ৰিচিৰ পৰা
আনি তিচি,
ঋষিয়ে দিলে
ভেটিৰ সিঁচি। 

১৯/

ৰজাই বিচাৰি
হাঁহৰ কুহুম,
চাংমাইক দিলে
কাঢ়া হুকুম। 

২০/

চাহৰে বুট
চোবাই কুসুমৰ,
বিষ উঠিল
দুয়োটা কুমৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)