স্কুলৰ জীৱনৰ আটাইতকৈ মনোমোহা,ৰঙে ৰসে উপচি পৰা। স্কুলৰ জীৱনৰ স্মৃতিবোৰ মোৰ বাবে অতি মূল্যৱান সম্পদৰ স্বৰূপ। স্কুলীয়া জীৱনৰ দিনবোৰৰ লৈকে বৰকৈ মনত পৰে। ছাৰ বাইদেউ সকলে দিয়া মৰম আশীৰ্বাদ বোৰ আজিও মনত পৰে।আগৰ দিনবোৰেই বহুত ভাল আছিল। কোনো একো চিন্তা নাছিল,বিন্দাচ খেলা ধূলা কৰি লগৰ বোৰৰ লগত ঘূৰি ফুৰিছিলো,মন খুলি হাঁহিছিলো,কান্দিছিলো বহুত সুখী আছিলোঁ। স্কুল অহাৰ আগদিনা লগৰ জনীক সুধো ?? কাইলৈ স্কুল যাবি নে?? যদি তাই নাযাও বুলি কয়,,ময়ো নাযাও বুলি কৈছিলোঁ। আৰু যিদিনা স্কুল যাব ওলাইছিলোঁ সেই দিনা লগৰ জনীৰ কাৰণে ৰয় থাকো ।তাৰ পিছত একেলগে স্কুললৈ গৈছিলোঁ। এইবোৰেই আছিল স্কুলৰ জীৱনৰ স্মৃতিবোৰ। আজিও স্কুলৰ দিনৰ কথাবোৰৰ লৈকে বৰকৈ মনত পৰে। সেই দিনবোৰৰ লৈকে আকৌ ঘূৰি যাব মন যায়। কেতিয়াবা কেতিয়াবা অনুভৱ কৰা যায় যে হয়তো স্কুলীয়া দিনবোৰেই আছিল অন্য এক মধুৰ অভিজ্ঞতা।
✍️ দেইজী কাৰ্খ বৰদলৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ