লাচিত ককাই-ক্ষীৰোদ মণি মহন

©Admin
0
নানা সমস্যাৰে জৰ্জৰিত সেইআৰ্তজনৰ বাবে
         তুমি  এক চিৰপৰিচিত নাম
  সাপেখাতিৰ যুৱনেতা তুমি লাচিত গগৈ
ও  ককাই লাচিত 
       ‌‌আছা নে তুমি?
আহাছোন ওলাই আহা অলপ
      চোৱাহিছোন এই মানুহবোৰক
কেনেদৰে বানৰ তাৰনাত পৰি
       ককবকাই আছে সহায়ৰ অভাৱত।
   কেনেদৰে বহি আছে এখন নিথৰুৱা ঘৰত।
কেনেদৰে চিন্তাত কটাইছে
          সেই নিবনুৱা সকলে
কেনেদৰে স্বাভলম্বী হ'ব পাৰি নিজেই?
ককাই ও?
মনত পৰিছে মোৰ আজিও 
                  সেইদিনা যে ৰাতি
 তুমি আৰু যোগেন ককাইদেউ দুয়ো মিলি
          নাজিৰাৰ সেই বানপিড়ীত
  ৰাইজৰ কাষলৈ গৈছিলা
সচাকৈয়ে সকাহ দিলা ও 
          সেইদিনা দুয়োজনে সেই গঞাসকলক।
ককাই ভালে আছা নে আজি ? 
    বৰ মন গৈছে তোমাৰ সেই
ভাগৰুৱা মুখখন চাবলৈ ! 
         ভাগৰি নপৰিবা কিন্তু দেই।
ককাই লাচিত ও।
      তোমাৰ বলতেই আজি 
বহু মানুহৰ মুখত জিলিকিছে
         ৰামধেনুৰ সাতো ৰঙৰ দৰে হাঁহি।
আৰু যে ককাই 
       তোমাৰ বলতেই আজি 
  উন্নয়নে ঢুকি নোপোৱা সেই 
          পিছপৰা অঞ্চলবোৰো আজি!
 উন্নয়নৰ বাটেৰে ধাৱমান।
      ককাই ও শুনিছানে
 তোমাৰ দৰে এগৰাকী যুৱ সমাজকৰ্মী
        বহুতৰ বাবেই আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক।
ককাই ভাগৰি নপৰিবা ও 
           ভাগৰি নপৰিবা । 
ককাই ও তোমাৰ দৰে আন
     বহু লাচিত লাগে ও আমাক 
         বহু লাচিত লাগে

জয়তো লাচিত গগৈ



*ক্ষীৰোদ মণি মহন, চৰাইদেউ*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)