মোৰ অনুভৱৰ ছন্দযুক্ত মালিতা,
শাওণৰ জাগলত জুৰুলি-জুপুৰি হোৱা
হৃদয়খন পলসুৱা হ'বলৈ
লাগিব যে পৰ্যাপ্ত সময় !
ৰঙৰ আল্পনাৰে জীৱনটো সজাবলৈ
মোৰো মন যায়--!
আবেলিৰ শীতল বতাহছাটি
গালে-মুখে ছটিয়াই
মোৰো মন যায় কবিতা এটি হ'বলৈ--!
শুকুলা ডাৱৰবোৰৰ দৰে
আকাশত সপোন ৰচিবলৈ
মইও কটাওঁ উজাগৰী ৰাতি।
খোলা খিৰিকীৰে
শেৱালিৰ মিঠা সুবাসবোৰ লৈ
মইও থাকোঁ শাৰদীয় আলিঙ্গনত।
আৰু যেতিয়াই অনুভৱবোৰ অভিমানী হয়
তেতিয়াই কবিতাবোৰে
আত্মপ্ৰকাশ কৰে শব্দৰ সাজোনত।
কিন্তু তুমি ক'লেই
লিখিব নোৱাৰোঁ কবিতা,
অনুভৱবোৰ পলসুৱা হ'লেহে
মুক্ত হয় ছন্দযুক্ত মালিতা...।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ