সপোনৰ সন্ধানত জীৱনটোও খেলিমেলি,
এফালে পাইছো সুখৰ বতৰা,
আৰু আনফালে দুখৰ বতৰা।
সুখ দুখৰ একাঁ বেকা পথটিত ধুমুহাৰ দৰে কৰি গৈছো মাথো জীৱন সংগ্ৰাম।
কেতিয়াবা জীৱনৰ আলি বোৰত খুন্দা খাই ছেদেলী ভেদেলী হৈ পৰিছে মোৰ সপোনবোৰ.......
আকৌ নতুনকৈ সজাই তুলিলো মোৰ সৰু সৰু সপোনবোৰ.......
কিন্তু মই কেতিয়াও নাভাগৰো
এই জীৱনৰ বিশাল যুঁজখনৰ লগত সদায় যুঁজি যাম .......
হয়তো জিকিম নহলে শিকিম
মাত্ৰ যুঁজি যাম জীৱনৰ সৈতে।
মই নিশ্চিত
নিৰাশাৰ পাছত আশা
আৰু
আন্ধাৰৰ পাছত পোহৰ আগমন হ'বই ।
✍পূজাশ্রী নেওগ
(যোৰহাট)
¤¤¤¤¤¤¤¤¤¤
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ