মনৰ স্তৰে স্তৰে পুনৰ
চেতনা জাগিছে . . .
বসন্তৰ মাতত,
কুঁৱলী আঁতৰাব পৰা সপোন দেখিছোঁ . . .
তথাপি মনত পৰে অতীতলৈ . . .
"হয়তো
মই নজনাকৈ পাৰ হৈ গ'ল,
মোৰ জীৱনৰ হাজাৰ সপোন . . .
অস্তগ্ৰামী সূৰ্যৰ দৰে
কলিয়া মেঘে হয়তো
বহুবাৰ চানি ধৰিছে . . .
গভীৰ ৰাতি অকলশৰে এন্ধাৰৰ বাটত
যেতিয়া মই আগুৱাই যাওঁ . . .
মাজে মাজে ধিমিক ধিমিকৈ জ্বলি থকা
জেউতিৰ উমান পাওঁ . . .
তথাপি
চিকুণ কজলা মুখত সোনালী হাঁহি বিৰিঙাই
বুকুত এবুকু আশা লৈ
নিৰ্ভিকতাৰে আগুৱাই যাবলৈ অশেষ চেষ্টা . . .
ধাৰাসাৰ বৰষুণৰ মাজতো
মোৰ বুকুত জিল্মিল্ ৰ'দৰ চানেকি . . .
বহু জনে বোকা-মাটি গাত চতিয়ালে যদিও . . .
কলং - কপিলীৰ দৰে বৈ আছে জীৱন . . .
ভালপোৱাবোৰ হৃদয়ৰ এটা কোনত গজালি মেলি
শিপাবোৰে ছানি ধৰিছে . . .
যিদিনা . . .
মোৰ আলতীয়াবুকুখন
তেজেৰে ধুই চফা কৰিম . . .
সেই ভালপোৱাবোৰ সিঁচি দিম
বোকা-মাটি চতিয়াই দিয়া
মোৰ আপোন মানুহবোৰৰ মাজত
সিহঁতৰ মলিয়ন হৃদয়খন ধুই নিকা কৰক
ভালপোৱাৰ শস্য-বীজেৰে
সিঁহতৰ হৃদয়ত শিপা মেলক . . .
হয়তো তেতিয়া
আকাশলৈ মূৰ তুলি চাব . . .
অনুভৱ কৰিব
আকাশখন ইমান বহল . . .
ক্ষন্তেকতেই
অন্ধকাৰ হৃদয়ত
জিলমিল জোনালীয়ে আহি তিৰবিৰাব . . .
ভগ্ন হৃদয়ত মোৰ আশাৰ উদ্দীপ্ত ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ